/asomiyapratidin/media/media_files/2025/12/03/whatsapp-imag-2025-12-03-12-40-54.jpeg)
ডিজিটেল ডেস্কঃ অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ জগতখনক কামৰূপীয়া লোকগীতে বিশেষভাৱে সমৃদ্ধ কৰিছে কামৰূপী লোক গীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকে। শৈশৱৰ পৰা লোকগীতৰ চৰ্চা কৰি পাছলৈ লোকগীতৰ এগৰাকী স্বনামধন্য শিল্পী হোৱা ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ প্ৰতিটো গীতেই যেন একো একোটা মুকুতামণিহে৷ আজি তেথখেতৰ পূণ্য তিথি। ১৯৩৮ চনৰ ১ মাৰ্চত বৰপেটাৰ ভেল্লাত জন্মগ্ৰহণ কৰিছিল কামৰূপী লোক গীতৰ সম্ৰাট ৰামেশ্ব পাঠকে। সৰুৰে পৰা তেওঁ লোকগীতৰ প্ৰতি আগ্ৰহী আছিল। সেয়ে পণ্ডিত দয়াল চন্দ্ৰ সূত্ৰধাৰৰ তত্ত্বাৱধানত বৰগীতৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/03/image-42-2025-12-03-12-35-32.png)
উল্লেখ্য যে, ১৯৫৮ চনত স্কুলীয়া শিক্ষাৰ বাবে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত নামভৰ্তি কৰে। তাকৰ পাছতে ১৯৬১ চনত আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত অংশগ্ৰহণ কৰে ৰামেশ্বৰ পাঠকে। তেওঁৰ লোকগীতে সকলোকে মোহিত কৰিছিল । তেওঁ কেইবাটাও শাখাত লাভ কৰিছিল স্বৰ্ণপদক। ইপিনে তেওঁ এগৰাকী শিক্ষক হিচাপে চাকৰি জীৱনৰ পাতনি মেলিছিল। আৰ্য বিদ্যাপীঠ আছিল ৰামেশ্বৰ পাঠকৰ প্ৰথম কৰ্মস্থলী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/03/whatsapp-image-2025-12-03-12-36-10.jpeg)
তাৰোপৰি আকাশবাণী ৰেডিঅ'ত বাণীবদ্ধ কৰা প্ৰথমটো গীত আছিল 'আহা কি দিয়া পুজিমে প্ৰভু হে'। এই গীতটো বাণীবদ্ধ হোৱাৰ পাছত তেওঁ আন বহু কেইটা গীত লিখিছিল। লোকশিল্পী ৰামেশ্ব পাঠকে পাঁচশৰো অধিক লোকগীত পৰিৱেশনৰে অভিলেখ গঢ়িছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগতে এইছ এম ভি কোম্পানীয়ে গ্ৰামোফোন ৰেকৰ্ডত উলিয়াইছিল পাঠকৰ কণ্ঠৰ গীত। সত্তৰ দশকৰ আৰম্ভণিতে ৰামেশ্বৰ পাঠক আৰু সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ দ্বৈত কণ্ঠত মুক্তি পালে ‘ধেনু লৈয়া যায় নন্দেৰ কানাই...’।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/03/whatsapp-2025-12-03-12-36-50.jpeg)
ইপিনে জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে ৰামেশ্বৰ পাঠকে লাভ কৰিছিল ‘সংগীত নাটক অকাডেমী বঁটা। আজি সেই কিংবদন্তী ৰামেশ্বৰ পাঠকৰ পূণ্য তিথিত তেওঁৰ কৰ্মৰাজিক সকলোৱে স্মৰণ কৰিছে। কামৰূপী লোক গীতৰ সম্ৰাট ৰামেশ্বৰ পাঠক আমাৰ মাজত নাই যদিও তেওঁ গোৱা গীত আজিও গুঞ্জৰিত অন্তৰে অন্তৰে। কামৰূপী লোকগীতৰ চৰ্চা থকা লৈকে অসমীয়াৰ মাজত চিৰদিনে প্ৰৱহমান হৈ থাকিব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us