প্ৰসিদ্ধ লোকগীতৰ শিল্পী ৰামেশ্বৰ পাঠকক মৰণোত্তৰভাৱে অসম বৈভৱ বঁটা প্ৰদানৰ আহ্বান,,,

অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম চৰকাৰে যোৱা ২০২১ চনৰ পৰা প্ৰদান কৰা ৰাজ্য খনৰ সৰ্বোচ্চ অসামৰিক সন্মান ৫০০ শৰো অধিক লোক গীত পৰিবেশনেৰে অভিলেখ নিৰ্মাণ

author-image
Asomiya Pratidin
New Update
9c622305-09f0-4974-a87a-1c1696f6d518

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম চৰকাৰে যোৱা ২০২১ চনৰ পৰা প্ৰদান কৰা ৰাজ্য খনৰ সৰ্বোচ্চ অসামৰিক সন্মান ৫০০ শৰো অধিক লোক গীত পৰিবেশনেৰে অভিলেখ নিৰ্মাণ কৰা প্ৰসিদ্ধ লোক গীতৰ শিল্পী ৰামেশ্বৰ পাঠকক মৰণোত্তৰ ভাবে অসম বৈভৱ বঁটা প্ৰদান কৰিবলৈ খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে অসমৰ মূখ্য মন্ত্ৰীক আহ্বান জনাইছে।

খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমৰ অধ্যক্ষ গোবিন্দ গায়ন সচিব প্ৰধান কৃষ্ণকান্ত দাস আৰু প্ৰচাৰ সচিব যুগান্ত বায়নে এই সম্পৰ্কত প্ৰকাশ কৰা এটা বিবৃতি যোগে কয় যে, ২০১০ চনৰ ৩ ডিচেম্বৰত মৃত্যু বৰণ কৰা ৫০০শৰো অধিক লোক গীত ৰাইজৰ মাজলৈ উলিয়াই আনি নিজ কণ্ঠেৰে পৰিৱেশন কৰি এক অভিলেখ স্থাপন কৰা ৰামেশ্বৰ পাঠকে অসমীয়া লোক সংগীতৰ জগৎখনৰ লগতে অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰিছে।

এক সুললিত কণ্ঠেৰে দশক ধৰি ৰাইজৰ অন্তৰত এখন হেঁপাহৰ ঘৰ বন্ধা ৰামেশ্বৰ পাঠকৰ জন্ম হৈছিল ২৯৩৮ চনৰ ১মাৰ্চত বৰপেটাৰ ভেল্লা নগাঁওত  সত্ৰ নগৰী বৰপেটাৰ বৰগীতৰ পণ্ডিত দয়াল চন্দ্ৰ সুত্ৰধৰৰ তত্বাৱধানত সত্ৰীয়া পৰিৱেশত জীৱন যাত্ৰা আৰম্ভ কৰা শিল্পী গৰাকীয়ে বৰগীতৰ জৰিয়তে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল।

১৯৬১ চনতেই গুৱাহাটীত অনুষ্ঠিত আন্ত মহাবিদ্যালয় যুৱ মহোৎসৱত বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ হৈ অংশ গ্ৰহণ কৰি তেওঁ বৰগীতৰ লগতে আধুনিক গীত ,ভজন আৰু গজল শাখাত প্ৰথম স্থান অধিকাৰ কৰি সংগীত জীৱনৰ সোণোৱালী যাত্ৰা আৰম্ভ কৰে।তেওঁ কৰ্ম জীৱন আৰম্ভ কৰা গুৱাহাটী আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত চাকৰি কৰি থাকোতেই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতি শিল্পী হিচাপে মান্যতা লাভ কৰে।

ৰামেশ্বৰ পাঠকে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত লোক গীত পৰিৱেশন কৰাৰ লগতে শিল্পী পত্নী ধনদা পাঠকৰ সৈতে কেবাখনো গ্ৰামোফোন ৰেকৰ্ডৰ উপৰিও প্ৰায় ডেৰ শতাধিক অসমীয়া কামৰূপী লোকগীতৰ কেছেটত কণ্ঠ দান কৰে। পাঠকে অসমৰ উপৰিও দিল্লী,বেংগলৰ ,মুম্বাই ,উৰিষ্যা,কলকাতা আদিত এই লোক গীত পৰিৱেশন কৰি অসমীয়া থলুৱা কামৰূপী লোকগীতক সৰ্বভাৰতীয় স্তৰত প্ৰতিষ্ঠা কৰে।

৩ ডিচেম্বৰ ২০২৫ ৰামেশ্বৰ পাঠকৰ ১৫ তম্ মৃত্যু বাৰ্ষিকীত খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে শিল্পী গৰাকীৰ অনবদ্য সৃষ্টিক জাতীয় মৰ্য্যদা আৰু স্বীকৃতি দিয়াৰ বাবে অসম চৰকাৰক অসম বৈভৱ বঁটা মৰণোত্তৰ ভাবে প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

বৰপেটা