/asomiyapratidin/media/media_files/2025/11/29/ujjjdd-2025-11-29-17-50-03.jpg)
ডিজিটেল ডেস্কঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দিলে এটা ডাঙৰ খবৰ। অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগপৰ বাবে এটা সুখবৰ দিলে অগপৰ বিধায়ক তথা সাধাৰণ সম্পাদকগৰাকীয়ে। কলিতাৰ মতে, আহি ৪জন বৰ্তমানৰ বিধায়ক অগপলৈ।
জানুৱাৰী, ২০২৬তে যোগদান কৰিব বিধায়ককেইগৰাকীয়ে আঞ্চলিক দলটোত। তেওঁ নাম নক’লেও বিধায়ক কেইজন এ আই ইউ ডি এফৰ বুলি জানিবলৈ দিয়ে। বৰ্তমান হেনো চলি আছে এই ৪বিধায়কৰে যোগাযোগ।
অগপৰ নেতৃত্বৰ সৈতে কথা পাতিছে বিধায়ক কেইগৰাকীয়ে। কলিতাই আৰু জানিবলৈ দিয়ে যে, কংগ্ৰেছৰ বিধায়কেও যোগাযোগ কৰিছে অগপৰ সৈতে। সমষ্টি পুণঃনিৰ্ধাৰণ হোৱাৰ পাছত ৰাজনৈতিক কাৰণত এই সকল বিধায়কে অগপৰ সৈতে যোগাযোগ কৰা বুলি চৰ্চা চলিছে।
পিছে নিজ দলৰ নেতাকেই প্ৰাৰ্থিত্ব প্ৰদান কৰিব নোৱাৰা অগপই বিজেপিৰ সৈতে মিত্ৰতাৰে নিৰ্বাচন খেলি ২০২৬ত নতুনকৈ যোগদান কৰা বিধায়ক কেইজনক টিকট দিব পাৰিব জানো বুলি কলিতাৰ খবৰৰ পাছতে অগপৰ ভিতৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us