/asomiyapratidin/media/media_files/2025/11/07/145-2025-11-07-08-06-35.jpg)
ডিজিটেল ডেস্ক : লোক সংস্কৃতি নাগাৰা নামৰ বিশিষ্ট পাঠক ৰামচৰণ ভৰালী আৰু নাই। বৃহস্পতিবাৰে মাজনিশা শেষ নিশ্বাস ত্যাগ কৰে লোকশিল্পীগৰাকীয়ে। নিশাৰ আহাৰ গ্ৰহণ কৰি উঠাৰ পাছতে তেওঁ অসুস্থ হৈ শেষ নিশ্বাস ত্যাগ কৰে। শিল্পীগৰাকীৰ বিয়োগত স্তব্ধ হৈ পৰে অসমৰ লোক সাংস্কৃতিক ক্ষেত্ৰ।
বৰণ্যে শিল্পী ৰামচৰণ ভৰালীৰ বিয়োগৰ খবৰ লাভ কৰি কাহিলী পুৱাতে তেওঁৰ কালাকুছিস্থিত বাসগৃহত উপস্থিত হৈছে গুণমুগ্ধসকল। একেদৰে নাগাৰা নামৰ কেইবাগৰাকী শিল্পীয়ো শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ উদ্দেশ্যে উপস্থিত হৈছে।
উল্লেখযোগ্য যে, মৃত্যুৰ কিছুদিন আগলৈকে ৰাজ্যৰ ভিন্ন প্ৰান্তত নাগাৰা নাম পৰিৱেশন কৰি আছিল ভৰালীয়ে। য’তে নাম পৰিৱেশন কৰে ত’তেই যেন আপোন হৈ পৰিছিল শিল্পীগৰাকী। নিজেও হাঁহি ভালপোৱা ভৰালীয়ে আনকো হহুঁৱাই বৰ ভালপাইছিল। প্ৰতিটো প্ৰজন্মৰ বাবে তেওঁ আছিল ৰসৰ ভঁড়াল।
ভোকৰা পাঠাৰ বিয়া, নাগেশ্বৰৰ বিয়া, পদ্মাৰ জন্ম, সুনতি ৰেখা ইত্যাদি বিভিন্ন ভক্তিমূলক নাম পৰিৱেশন কৰি আপোন হৈ পৰিছিল ৰামচৰণ ভড়ালী। তাৰোপৰি তেওঁ হৈছে প্ৰথমগৰাকী শিল্পী পেন্সনপ্ৰাপক। বিভিন্ন সন্মানেৰে বিভূষিত ভৰালীক অসম নাট্য সন্মিলনে প্ৰদান কৰিছিল নাগাৰা নামৰ সূৰ্য উপাধি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us