/asomiyapratidin/media/media_files/2026/01/17/1-2026-01-17-17-01-22.jpg)
ডিজিটেল ডেস্কঃ আজি ১৭ জানুৱাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু দিৱস। মহান শিল্পী জনক স্মৃতিচাৰণ কৰি নগাঁৱৰ অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে অনুষ্ঠিত কৰা হয় শিল্পী সম্বৰ্ধনা আৰু সাংস্কৃতিক অনুষ্ঠানৰ। বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই অনুষ্ঠানটোৰ আৰম্ভণি কৰাৰ লগতে বিশিষ্ট সংগীত শিল্পী সুৱাগমণি মহন্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আলোকচিত্ৰৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় অনুষ্ঠানৰ কাৰ্যসূচী।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/17/whatsapp-ima-2026-01-17-16-59-44.jpeg)
এই অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়ৰ উপাধ্যক্ষা সংগীতা বৰুৱা বৰাই। ইপিনে "জয় আলোকময়" শীৰ্ষক জ্যোতি সংগীতেৰে শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। প্ৰেক্ষাগৃহৰ স্ক্ৰীণত ভাঁহি উঠা ছাত্ৰ-ছাত্ৰীয়ে অংকন কৰা ভোগালী বিহু আৰু জ্যোতিপ্ৰসাদ আগৰৱালা শীৰ্ষক ছবিবোৰ আৰু "গছে গছে পাতি দিলে ফুলৰে শৰাই" জ্যোতি সংগীতে সকলোকে মুগ্ধ কৰে। ইয়াৰ পাছতেই মুখ্য সম্বৰ্ধিত শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
অনুষ্ঠানটোত গীতিকাৰ 'সুৰসূৰ্য' সূৰ্য্য কুমাৰ ৰাজাক গামোচা, চেলেং, সম্বৰ্ধনা পত্ৰ, অসমৰ প্ৰতীক গড়, প্ৰয়াত তিলক চন্দ্ৰ মজুমদাৰৰ ৰচিত আৰু ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰকাশ কৰা সান্নিধ্য: আলোক আৰু আলাপন শীৰ্ষক গ্ৰন্থ তথা ১০,০০০ টকাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সূৰ্য্য কুমাৰ ৰাজাৰ লগতে তেখেতৰ সহধৰ্মিনীয়ে সন্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰে। অনুষ্ঠানত দক্ষ আৰক্ষী বিষয়া,সুলেখক নন্দসিং বৰকলা উপস্থিত থাকি ৰূপকোঁৱৰৰ জীৱন দৰ্শন সম্পৰ্কে আলোকপাত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/17/whatsapp-image-202-2026-01-17-16-59-59.jpeg)
বিশিষ্ট সংগীত শিল্পী সুৱাগমণি মহন্তই ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শিল্পকৰ্মৰ শলাগ লৈ উচ্চ চিন্তাক অগ্ৰাধিকাৰ দি আগবাঢ়ি যোৱাৰ প্ৰেৰণা যাচে। নৃত্য শিক্ষাৰ বিভিন্ন কলা-কৌশল সম্পৰ্কে তথ্য মূলক বক্তৃতাৰে সূত্ৰধাৰৰ পৰিচালক গৌৰৱ হাজৰিকাই আটাইকে আকৰ্ষিত কৰে। গীতিকাৰ, কণ্ঠশিল্পী দুলুমণি শইকীয়া আৰু বিদ্যালয়ৰ শিক্ষক মনোজ শৰ্মাই শিল্পী দিৱসৰ তাৎপৰ্য আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন সম্পৰ্কে সুন্দৰ বক্তব্য আগবঢ়ায়।
ইপিনে গীতে-মাতে-কবিতাৰে বৰ্ণময় হৈ পৰা অনুষ্ঠানটিত ষষ্ঠ শ্রেণীৰ ছাত্ৰ সাগ্নিক কৌশিকে কবিতা আবৃত্তি,অষ্টম শ্ৰেণীৰ ছাত্ৰী ঝর্ণা শইকীয়াই বক্তৃতা, নৱম শ্ৰেণীৰ ছাত্ৰী শ্ৰাৱনিমা বৰাই- কবিতা আবৃত্তি, শিক্ষয়িত্ৰী বনশ্ৰী বৰা আৰু নৱম শ্ৰেণীৰ ছাত্ৰী প্রাপ্তিলীকা বৰাই সূৰ্য কুমাৰ ৰাজাদেৱে লিখা গীত পৰিৱেশন কৰে। জ্যোতি সংগীত পৰিৱেশন কৰে ছাত্ৰী ধানিষ্ঠা পি. দাস ,প্ৰাপ্তিলীকা বৰা চাবৰিন্ অঞ্জুম জন্নতে লগতে জ্যোতিসংগীতত নৃত্য পৰিৱেশন কৰে ছাত্ৰী নিভৃতি নাথ হিমাশ্রী শর্মা,দর্শিতা ডেকাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/17/whatsapp-image-m-2026-01-17-17-00-17.jpeg)
উল্লেখ্য যে, অনুষ্ঠানত দুলুমণি শইকীয়া, সূত্ৰধাৰৰ পৰিচালক গৌৰৱ হাজৰিকা, সংগীত শিল্পী গৌৰী মহন্ত, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ভৱানী বৰা উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰান্তিক আলোচনীৰ জন্মদাতা সদ্য প্ৰয়াত প্ৰদীপ বৰুৱা আৰু কণ্ঠশিল্পী সমৰ হাজৰিকাৰ আত্মাৰ চিৰশান্তি কামনাৰে মৌন প্ৰাৰ্থনা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us