নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত উদযাপন জুবিনৰ জন্মদিন

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন ৫৩ সংখ্যক প্ৰথমটো জন্মদিন। বিৰহ-বেদনাৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত মৰমৰ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে আয়োজন কৰিছে বিভিন্ন অনুষ্ঠানৰ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-18 at 11.01.39 AM

ডিজিটেল সংবাদ,নগাঁওঃ  প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন ৫৩ সংখ্যক প্ৰথমটো জন্মদিন। বিৰহ-বেদনাৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত মৰমৰ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে আয়োজন কৰিছে বিভিন্ন অনুষ্ঠানৰ।  সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়টো উদযাপন কৰে হার্টথ্রব জুবিনৰ জন্মদিন। 

উল্লেখ্য যে, জুবিন বিহীন এই অসম কল্পনাৰো অতীত। প্ৰতিজন লোকক হিয়া উজাৰি ভাল পাইছিল জুবিন গাৰ্গে। 

আনফালে চকুলো টুকি শিক্ষকসহ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰিলে এটা পিছত আনটো জুবিন গাৰ্গৰ প্ৰিয় গীত। লুইত কণ্ঠ নামেৰে জুবিন গাৰ্গৰ নামত এটা গীত উন্মোচন কৰিলে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই। 

নগাওঁ