/asomiyapratidin/media/media_files/2025/09/08/286-2025-09-08-10-47-54.jpg)
ডিজিটেল সংবাদ, নগাঁও : বাদ্য ধ্বনিৰে মুখৰিত হৈ পৰিছে নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়। মানুহৰ বাবে গীত গাই সমন্বয়ৰ সাঁকো গঢ়া ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষত আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ।
সেই উদ্দেশ্যে নগাঁও চহৰৰ অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত শিল্পীগৰাকীৰ জন্ম জয়ন্তীৰ অভিনৱ আয়োজন কৰে বিদ্যালয়খনে। বিদ্যালয়ৰ ছাত্ৰ ৰুচিপল মহন্তৰ ডবা, অৰ্জুনাভ বৰাৰ শংখ, কৃষ্ণ কমল দত্তৰ খোল, দৰ্পন বাৰিকৰ তাল, ৰবি শংকৰশইকিয়াৰ নাগাৰা ৰ বাদ্য ধ্বনিৰে প্ৰাণ পাই উঠিছে গণ শিল্পীজন।
বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰা দেৱে ড° ভূপেন হাজৰিকাৰ দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি নিবেদন কৰাৰ লগতে শিক্ষয়িত্ৰী মমী শৰ্মা, দিপালী বৰা আৰু অন্যান্য শিক্ষকৰ পুষ্পাঞ্জলি প্ৰদানেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ হয় । অনুষ্ঠানটিৰ শুভাৰম্ভ কৰি অধ্যক্ষ বৰাদেৱে মানুহৰ শিল্পী গৰাকীৰ সমাজ সংগঠন, দেশৰ সন্ধি ক্ষণত জনগণৰ অন্তৰত সাহস জগাবৰ বাবে ৰচা গীত আৰু সৈনিক সকলৰ ত্যাগক স্বীকৃতি দিবলৈ ৰচনা কৰা গীতৰ প্ৰসংগ ডাঙি ধৰি ছাত্ৰ-ছাত্ৰী সকলক অনুপ্ৰাণিত কৰে ।
অনুষ্ঠানটিৰ আঁত ধৰে বিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ শিক্ষয়িত্ৰী চিত্ৰলেখা বৰুৱাই । অনুষ্ঠানটিত শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰি সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে পৰিবেশন কৰে 'মানুহে মানুহৰ বাবে' শীৰ্ষক গীতটি।
বিদ্যালয়ৰ ছাত্ৰ অৰ্জুনাভ বৰা , ৰবি শংকৰ দৰ্শন বাৰিক আৰু তেওঁলোকৰ লগৰীয়া সকলে বাদ্য সংগত কৰাএই অনুষ্ঠানতেই বিদ্যালয়ৰ ছাত্ৰী লেনী গাৰ্গে হাজৰিকা দেৱৰ 'মোৰ গান হওঁক' গীতেৰে আয়ুসী দাসে ভূপেন মামাৰ'বিমুৰ্ত এই নিশাটি' শীৰ্ষক গীতেৰে আৰু বিদ্যালয়ৰ দৰ্শন বিভাগৰ শিক্ষয়িত্ৰী প্ৰনিতা মহন্ত ৰ ব্যৱস্থাপনাত কুঁৱলী কাশ্যপে আন আন ছাত্ৰ-ছাত্ৰীৰ সহযোগত ড° অমৰ জ্যোতি চৌধুৰী দেৱৰ 'মৃত্যু জীনাৰ গান' আৰু শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ায় । প্ৰয়াত শিল্পী গৰাকীলৈ শ্ৰদ্ধা জনাই ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয় আৰু দিকদৰ্শীৰ উদ্যোগত ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনৰ ১১-০০বজাত এখন কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে উদ্যোক্তা সকলে জানিবলৈ দিয়ে।