/asomiyapratidin/media/media_files/2026/01/02/fsdfdsfs-2026-01-02-17-20-24.jpg)
ডিজিটেল সংবাদ, মৰিগাঁওঃ শুকুৰবাৰে মৰিগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে চৰকাৰৰ নূন্যতম সমৰ্থিত মূল্যত ধান ক্ৰয় প্ৰক্ৰিয়া তৰাম্বিত কৰাৰ উদ্দেশ্যৰে মিকিৰভেটা ধান ক্ৰয় কেন্দ্ৰ আনুষ্ঠানিকভাবে মুকলি কৰে। এই উপলক্ষে কৃষক ৰাইজৰ উপস্থিতিত আয়োজিত এক অনুষ্ঠানত বিধায়ক গৰাকীয়ে কৃষক সমাজৰ সৰ্বাংগীন উন্নয়ন বাবে চৰকাৰে গ্ৰহণ কৰা অভিলাষী পদক্ষেপ সমূহ আলোকপাত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/whatsapp-image-2026-01-02-17-20-43.jpeg)
অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাগৰাকী কৃষকক ধান বিক্ৰীৰ বাবে প্ৰয়োজনীয় প্ৰমান পত্ৰ বিধায়কগৰাকীয়ে প্ৰদান কৰে। কৃষকৰ আয় বৃদ্ধিৰ জৰিয়তে আৰ্থ সামাজিক উন্নয়ন প্ৰসংগত মত পোষণ কৰাৰ লগতে মধ্যভোগী দালালক প্ৰশ্ৰয় নিদি কৃষক সকলক বিভাগৰ সৈতে যোগাযোগ কৰি চৰকাৰৰ নূন্যতম সমৰ্থিত মূল্যত ধান বিক্ৰী কৰিবলৈ আহ্বান জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/whatsapp-image-2026-01-02-17-21-00.jpeg)
উল্লেখ্য যে, মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু কৃষি বিভাগ তথা অসম খাদ্য আৰু যোগান পৰিসীমিতৰ অধীনত জিলাখনৰ মুঠ ৯ টা ধান ক্ৰয় কেন্দ্ৰত চৰকাৰৰ নূন্যতম সমৰ্থিত মূল্য অৰ্থাৎ প্ৰতি কুইণ্টলত ২৫৬৯/- টকা দৰত ধান ক্ৰয়ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/whatsapp-image-2026-01-02-17-21-21.jpeg)
জিলা কৃষি বিষয়া তপন কুমাৰ ব্ৰহ্মৰ উপস্থিতিত আৰু কৃষি পৰিদৰ্শক দিব্যজ্যোতি হাজৰিকাই আতধৰা অনুষ্ঠানত মহকুমা কৃষি বিষয়া মেহেদী আৰিফ হুছেইন, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মুছাহীদ ফাৰুকী, মেডিয়া বিশেষজ্ঞ গৌতম কুমাৰ নাথ, অসম খাদ্য আৰু যোগান পৰিসীমিতৰ বিশেষ কতৰ্ব্যৰত বিষয়া জয়ন্ত মজিন্দাৰ বৰুৱা, প্ৰফুল্ল শইকীয়া, যোগান পৰিদৰ্শক ৰুপম বায়ন, পঞ্চায়ত সভাপতি সত্যজিৎ ডেকা, ধান ক্ৰয় কেন্দ্ৰৰ প্ৰৱন্ধক সকলৰ লগতে কৃষি সম্প্রসাৰন সহায়ক আবু ইউছুফ উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us