২১দিন জেড প্লাছ নিৰাপত্তাত থাকি পুনৰ জেললৈ ৰাম ৰহিম…

২১দিন জেড প্লাছ নিৰাপত্তাত থাকি পুনৰ জেললৈ ৰাম ৰহিম…

author-image
asomiyapratidin
New Update
২১দিন জেড প্লাছ নিৰাপত্তাত থাকি পুনৰ জেললৈ ৰাম ৰহিম…

ডিজিটেল ডেস্কঃ ২১দিন জেড প্লাছ সুৰক্ষাত থাকি পুনৰ জেললৈ উভটিল তথাকথিত ধৰ্মগুৰু গুৰুমিত ৰাম ৰহিম সিং। দুগৰাকীকৈ যুৱতীক ধৰ্ষণ কৰাৰ অপৰাধত ২০বছৰৰ কাৰাদণ্ডৰে দণ্ডিত ৰাম ৰহিমক এক বিশেষ কাৰনত ২১দিনৰ বাবে মুকলি কৰা দিয়া হৈছিল। ইতিমধ্যে ৫বছৰৰ জেলত থকা ৰাম ৰহিমক হঠাত মুকলি কৰি দিয়াক লৈ বিৰোধীয়ে বিজেপিৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল। ৰাম ৰহিমে পঞ্জাৱত বিজেপিক সহায় কৰাৰ বাবে চৰকাৰে এই সিদ্ধান্ত লৈছিল বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছিল। পঞ্জাৱত ৰাম ৰহিমৰ যথেষ্ট প্ৰভাৱ আছে। পূৰ্বেও বহু ৰাজনৈতিক দলক সহায় কৰি আহিছে ৰাম ৰহিমে।