শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্ৰৰ ধৰ্মধবজা উত্তোলন প্ৰধানমন্ত্ৰী মোডীৰ

প্রধানমন্ত্রী মোডীয়ে আজি পবিত্র শ্রীৰাম জন্মভূমি মন্দিৰৰ শিখৰত গেৰুৱা পতাকা উত্তোলন কৰাৰ জৰিয়তে এই মন্দিৰৰ নিৰ্মাণ আনুষ্ঠানিকভাবে সম্পূর্ণ হোৱা তথা সাংস্কৃতিক উদযাপন আৰু ৰাষ্ট্ৰীয় একতাৰ এটা নতুন অধ্যায়ৰ সূচনা কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  আজি অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্ৰৰ ধৰ্মধবজা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ ভাৰতবৰ্ষক ৰামৰাজ্য সদৃশ কৰি গঢ়ি তুলিবলৈ আগ্রহ প্রকাশ কৰা বুলি ভাষণত উল্লেখ কৰে।

শ্রীৰামচন্দ্ৰ নিজেই মূল্যবোধৰ প্রতীক আছিল। এতিয়াও তেওঁ দেশৰ প্ৰতিটো অংশতে বিদ্যমান বুলি মত প্রকাশ কৰি প্রধানমন্ত্রী গৰাকীয়ে কয়, আমাৰ দেশখনক আমি ৰামৰাজ্য ভাৰতৰ দৰে কৰি তুলিবলৈ বিচাৰো।

উল্লেখযোগ্য যে, প্রধানমন্ত্রী মোডীয়ে আজি পবিত্র শ্রীৰাম জন্মভূমি মন্দিৰৰ শিখৰত গেৰুৱা পতাকা উত্তোলন কৰাৰ জৰিয়তে এই মন্দিৰৰ নিৰ্মাণ আনুষ্ঠানিকভাবে সম্পূর্ণ হোৱা তথা সাংস্কৃতিক উদযাপন আৰু ৰাষ্ট্ৰীয় একতাৰ এটা নতুন অধ্যায়ৰ সূচনা কৰে।

এই উপলক্ষে দিয়া ভাষণত শ্রীমোডীয়ে সমগ্র বিশ্ব সম্প্রতি ৰামময় হৈ পৰা বুলি উল্লেখ কৰি কয় যে, এই ধর্মধ্বজা কেৱল পতাকাই নহয়, বৰঞ্চ এয়া পুনৰ জাগৰণ এখন ধ্বজা আৰু ই ৰামৰাজ্যৰ নীতিক সাৰোগত কৰা এটা আৰম্ভণিৰ লগতে সংগ্ৰামৰ কাহিনীক প্রতিফলিত কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী মোডী