/asomiyapratidin/media/media_files/2025/09/19/ujjjd-2025-09-19-12-06-52.jpg)
ডিজিটেল ডেস্কঃ ইউটিউব চেনেল ব্লেক এণ্ড হোৱাইটৰ জনপ্ৰিয় চৰিত্ৰ ৰাকু ভাই আৰু নাই। বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ থকা অভিনেতাগৰাকী অৱশেষত দিল্লী মেক্স হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে। উত্তৰ নলবাৰী মণ্ডলৰ ১নং ধমধমা চটাইবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত মহিনা গাঁৱৰ প্রতিভাশালী যুৱক ৰঞ্জন বৈশ্যৰ মৃত্যুত সমগ্ৰ নলবাৰী জিলাত শোকৰ ছাঁ পৰিছে।
ৰঞ্জন বৈশ্যৰ মৃত্যুৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়- ৰঞ্জন বৈশ্যৰ অকাল বিয়োগৰ বাতৰি পাই মৰ্মাহত হৈছোঁ। জনপ্রিয় ইউটিউব চেনেল 'ব্লেক এণ্ড হোৱাইট'ৰ ৰাকু ভাই নামেৰে জনপ্রিয় অভিনেতাগৰাকীৰ বিদেহী আত্মাই সদগতি লাভ কৰক, তাৰ বাবে প্রভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
উল্লেখ্য যে, বিগত বহুদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ থকা ৰঞ্জন বৈশ্যই দিল্লীত চিকিৎসা কৰোৱাই আছিল। মাজতে কিছুদিন তেওঁ সুস্থ হৈ উঠিছিল যদিও পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত দিল্লীলৈ লৈ যোৱা হৈছিল। অৱশেষত দিল্লীৰ পৰা আহিল সেই বেয়া খবৰটো।