ধুবুৰীত উপস্থিত সাংসদ ৰকিবুল হুছেইন

ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক শ্ল'গানেৰে ৰাইজৰ মতামত বিচাৰি জিলা কংগ্ৰেছৰ কৰ্মী সকলৰ লগতে বিভিন্ন দল-সংগঠনৰ সৈতেও এক বৈঠকত মিলিত হয় সাংসদ ৰকিবুল হুছেইন।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ সমাগত বিধান সভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ ব্যাপক প্ৰস্তুতি। বিজেপিক ৰুধিবলৈ কংগ্ৰেছে আৰম্ভ কৰিছে বিশেষ ৰণকৌশল। ইয়াৰ লগতে  এ আই ইউ ডি এফৰ দখলত থকা ধুবুৰী সমষ্টিটো কংগ্ৰেছে পুনৰ দখল কৰাৰ বাবে এইবাৰ মৰণ-পণ যুঁজ দিয়া দেখা গৈছে। নিখিল ভাৰত কংগ্ৰেছ আৰু অসম প্ৰদেশ কংগ্ৰেছে আগত বিধান সভা নিৰ্বাচনক লৈ সম্পূৰ্ণ প্ৰস্তুত হোৱাৰ বিপৰীতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ  সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো আৰম্ভ কৰিছে নিৰ্বাচন কেন্দ্ৰিক কুচ-কাৱাজ। 

বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক এক অভিযানৰ এক অংশ হিচাপে ধুবুৰীত আহি উপস্থিত হয় ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন। ।ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক শ্ল'গানেৰে ৰাইজৰ মতামত বিচাৰি জিলা কংগ্ৰেছৰ কৰ্মী সকলৰ লগতে আজি বিভিন্ন দল-সংগঠনৰ সৈতেও এক বৈঠকত মিলিত হয় সাংসদ ৰকিবুল হুছেইন। ধুবুৰীত উপস্থিত হৈ বিভিন্ন দল- সংগঠনৰ সৈতে আলাপ- আলোচনাত মিলিত হৈ ধুবুৰীৰ সাংসদ গৰাকীয়ে ধুবুৰীত বিয়লি এক সংবাদমেল সম্বোধন কৰি কয় যে- বিজেপি দল হৈছে এক ভ্ৰষ্টাচাৰী দল। অসমত এই ভ্ৰষ্টাচাৰী দলক নেতৃত্ব দিছে হিমন্ত বিশ্ব শৰ্মাই। গতিকে যিমান দিনলৈ তেওঁৰ মাত কথা থাকিব সিমান দিনলৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজি যাব। আগন্তক বিধানসভা নিৰ্বাচনত বিজেপি য়ে চৰকাৰ কৰিব নোৱাৰে বুলি আত্ম বিশ্বাসী সাংসদ ৰকিবুল হুছেইন।  

ধুবুৰীত সাংসদ গৰাকীয়ে নিখিল ভাৰত কংগ্ৰেছ আৰু অসম প্ৰদেশ কংগ্ৰেছে আগত বিধানসভা  নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰা বুলি মন্তব্য কৰে। সাংসদ গৰাকীয়ে কয় যে- জিলা খনৰ পাঁচটা বিধান সভা সমষ্টিৰ ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, বিলাসীপাৰা আৰু বিৰসিং জৰুৱা সমষ্টিত কংগ্ৰেছে প্ৰতিটো জনগোষ্ঠীৰ হিন্দু, মুছলিম, কোচ-ৰাজবংশী কে ধৰি বিভিন জনগোষ্ঠীৰ লোকৰ কাষত থিয় দিছে আৰু প্ৰতিটো জনগোষ্ঠীৰ অভাৱ-অভিযোগ সমূহ পূৰণ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই যাব বুলি মন্তব্য কৰে। ৰাজ্যৰ ৬ জন গোষ্ঠীৰ লগতে অন্যতম  কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ বিষয়টোক লৈও অসমৰ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লেতেৰা ৰাজনীতি কৰি থকা বুলি সাংসদ ৰকিবুল হুছেইনে আজি সাংবাদিকৰ আগত গুৰুতৰ অভিযোগ উত্থাপন কৰে। 

আনপিনে ধুবুৰীৰ গোলকগঞ্জৰ লক্ষীমাৰী সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত মহন্ত উপাধিৰ এজনে ছিণ্ডিকেট চলাই থকা বুলি সদৰী কৰাৰ লগতে অসম চৰকাৰৰ একাংশ নেতা মন্ত্ৰী সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ লুটৰাজত ওতঃপ্ৰোত জড়িত থাকি এক ভয়াৱহ ছিণ্ডিকেট চলাই থকা বুলিও সাংসদ গৰাকীয়ে এক বিস্ফোৰক মন্তব্য কৰা দেখা যায়। সংবাদমেলখনত সাংসদ ৰকিবুল হুছেইনৰ সৈতে গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোবহান আলী সৰকাৰৰ লগতে অসম প্ৰদেশ আৰু জিলা কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে।

ৰকিবুল হুছেইন