/asomiyapratidin/media/media_files/2025/10/08/jukgrefewfrgh65-2025-10-08-13-27-55.jpg)
ডিজিটেল সংবাদ, চাপৰঃ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে চাপৰৰ আঞ্চলিক শ্মশানৰ পকী দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। শ্মশানৰ পকী দেৱাল নিৰ্মাণৰ বাবে সাংসদ পুঁজিৰ পৰা ৩ লাখ আৱন্টন দিছিল সাংসদগৰাকীয়ে।
আধাৰশিলা স্থাপনৰ পূৰ্বে শ্মশানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে উক্ত পুঁজিৰে দেৱাল সম্পূৰ্ণ নহ'ব বুলি অনুভৱ কৰি পুনৰ সাংসদ গৰাকীয়ে আকৌ ২ লাখ টকা অনুদান আগবঢ়ায়।
সাংসদ গৰাকীয়ে সাংসদ পুঁজি, ৰাইজৰ পুঁজি বুলি আখ্যা দি কয় যে, এয়া সাংসদৰ টকা নহয় এয়া ৰাইজৰ টকা। লগতে উক্ত অনুষ্ঠানত সদৌ অসম লেখিকা সমাৰোহ সমিতি চাপৰ শাখাৰ এটি সজাতি দল সাংসদ গৰাকীক সাক্ষাৎ কৰি গৃহ নিৰ্মাণৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। তাৎক্ষণিকভাৱে সাংসদ গৰাকীয়ে লেখিকা সমাৰোহ সমিতিকো ৩ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। সাংসদ গৰাকীৰ এনে কাৰ্যক শ্মশান সমিতি আৰু লেখিকা সমাৰোহ সমিতিয়ে ধন্যবাদ জ্ঞাপন কৰে।