/asomiyapratidin/media/media_files/2025/10/30/tertet-2025-10-30-16-47-39.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ শৰৎ কালৰ ৰাত্ৰী অতি বিতুপন, ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন।
এতিয়া শৰতৰ বতৰ। সমাগত ৰাস উৎসৱ। ৰাস উৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া চলিছে ৰাস উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও কঠীয়াতলী কঠালগুৰি নামঘৰ প্ৰাংগনতো চলিছে ৰাসৰ আখৰাৰ পূৰ্ণ প্ৰস্তুতি।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/30/fffffff-2025-10-30-16-48-04.jpg)
কঠালগুৰি বাৰগঞা ৰাস উদযাপন সমিতিৰ ব্যবস্থাপনাত অহা ৭ আৰু ৮ নবেম্বৰত দুদিনীয়াকৈ ৰাসোৎসৱৰ আয়োজন কৰা হৈছে। এই উৎসৱৰ বাবে ইতিমধ্যে আখৰা কৰাত ব্যস্ত হৈ পৰিল গাঁৱখনৰ যুৱতী সকল। খোল, তালৰ তালে তালে বিভিন্ন ভংগিমাৰে কৰিছে ৰাস নৃত্য়। ৰাসৰ আখৰা চাবলৈ আহিছে গাঁৱখনৰ বহু লোক। শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন কৰা এই উৎসৱ লৈ সকলো ভক্তপ্ৰান ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us