ঢকুৱাখনাত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ প্ৰস্তুতি..

ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ সমাগত । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে  ঢকুৱাখনা সমজিলাৰো বিভিন্ন স্থানত দিনে-নিশাই চলিছে ৰাস উৎসৱৰ মহা আখৰা ।  কন-কন শিশুৰ পৰা যুৱক-যুৱতী সকলোৱে যদি নাচি-বাগি ঢকুৱাখনাত  বৃন্দাবন সদৃশ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ: ঢকুৱাখনা : ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ সমাগত । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে  ঢকুৱাখনা সমজিলাৰো বিভিন্ন স্থানত দিনে-নিশাই চলিছে ৰাস উৎসৱৰ মহা আখৰা ।  কন-কন শিশুৰ পৰা যুৱক-যুৱতী সকলোৱে যদি নাচি-বাগি ঢকুৱাখনাত  বৃন্দাবন সদৃশ পৰিবেশ সৃষ্টি কৰিছে। বয়স্ক অভিনেতা সকলেও কংসালয়ৰ বচন আউৰাই এক সুকীয়া মাদকতাৰ সূত্ৰপাত ঘটাইছে ।

ৰাস মহোৎসৱলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত  ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত কৰি তুলিছে  ঢকুৱাখনা বালিগাঁও নাট্য মন্দিৰে । অহা ৪ নৱেম্বৰৰ পৰা ৬ নৱেম্বৰ পৰ্যন্ত  নাট্য মন্দিৰ প্ৰাঙ্গনত চলিব লগা তিনিদিনীয়া ৰাস মহোৎসৱৰ শেষৰ দিনতো গাঁওখনৰ সুনিপুন মহিলা  নাট্য অভিনেতা সকলৰ অভিনীত ৰাস প্ৰদৰ্শন কৰা হব ।

নাট্য মন্দিৰ , ৰাস উৎসৱৰ সভাপতি শোভন বৰুৱা  আৰু সম্পাদক বিদ্যাধৰ বৰুৱাই সংবাদমাধ্যমক দৰ্শক ৰাইজলৈ সাদৰ নিমন্ত্ৰণ জনাই জানিবলৈ দিয়া মতে নাট্য মন্দিৰৰ ধাৰাবাহিক পৰম্পৰা অক্ষুন্ন ৰাখি অনুষ্ঠিত কৰা এই ৰাস মহোৎসৱত টেলিভিছনৰ ধাৰাবাহিকৰ অভিনেত্ৰী ৰিছা ছেত্ৰীয়ে ৰাধাৰ ভাওৰ লগতে অভিনেতা বিদ্যুৎ শইকীয়ায়ো বহু কেইটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি দৰ্শকক আপ্লুত কৰিব। ইপিনে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত বৈষ্ণৱ পীঠ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰতো এদিনীয়াকৈ উদযাপিত হব ৰাস মহোৎসৱ ।

যুগজয়ী পৰম্পৰাৰে উদযাপিত হৈ অহা এই শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ ভাগি অহা ৫ নৱেম্বৰত সত্ৰ প্ৰাঙ্গনত অনুষ্ঠিত হব । উৎসৱ উপ সমিতিৰ সম্পাদক অভিজিত দেৱ গোস্বামীয়ে জনোৱা মতে এই উৎসৱত প্ৰভু জনাৰ "কেলি গোপাল"নাটকৰ পূর্ণাঙ্গ মঞ্চস্থ কৰা হব ।  ভক্তপ্ৰাণ ৰাইজৰ উৎসাহপূৰ্ণ উপস্থিতি শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ পৰিয়ালে আন্তৰিকতাৰে কামনা কৰিছে ।

ঢকুৱাখানা