হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী পাতিবলৈ আমি সাজু : ৰাকেশ ব্ৰহ্ম

আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে ইউপিপিএল পূৰ্ণোদ্যমে সাজু হৈছে বুলি উল্লেখ কৰি আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰে ৰাকেশ ব্ৰহ্মই। বিটিচি নিৰ্বাচনত আমি ইউপিপিএল-বিজেপি মিত্ৰতাৰে ৪০ খন আসনেই দখল কৰিবলৈ সক্ষম হ'ম বুলি মন্তব্য

author-image
Asomiya Pratidin
New Update
১

ডিজিটেল সংবাদ, বাক্সা: পশুপালনৰ জৰিয়তে বিটিআৰৰ সকলো শ্ৰেণীৰ লোককে স্বাৱলম্বী কৰাৰ অৰ্থে বিটিচি চৰকাৰে আৰম্ভ কৰিছে পিগ মিছন (অমা মিছন)। বাক্সা জিলাৰ মুছলপুৰতো আজি বিটিচিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই এহাজাৰ হিতাধিকাৰীক অমা (গাহৰি) বিতৰণ কৰে।

উক্ত কাৰ্যসূচীত উপস্থিত থাকি কাৰ্যবাহী সদস্য গৰাকীয়ে আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে ইউপিপিএলে পূৰ্ণোদ্যমে সাজু হৈছে বুলি উল্লেখ কৰি আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয় যে, বিটিচি নিৰ্বাচনত আমি ইউপিপিএল-বিজেপি মিত্ৰতাৰে ৪০ খন আসনৰ ৪০ খনেই দখল কৰিবলৈ সক্ষম হ'ম ।

ইফালে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপি দলক সহায় কৰি দ্বিতীয়বাৰৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিবলৈ আমি সাজ বুলিও মন্তব্য কৰে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ।

ৰাকেশ ব্ৰহ্ম