ৰাজ্যত সভাত উন্মোচিত ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰিবলৈ লোৱা চীনৰ বৃহৎ নদীবান্ধৰ ভয়ৱহতা...

ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ নদীবান্ধে মৰাত্মক প্ৰভাৱ পেলাব। ৰাজ্যসভাত এই কথা সদৰি কৰিলে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে। 

author-image
Asomiya Pratidin
New Update
ৰাজ্যত সভাত উন্মোচিত ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰিবলৈ লোৱা চীনৰ বৃহৎ নদীবান্ধৰ ভয়ৱহতা...

ডিজিটেল সংবাদ লখিমপুৰঃ ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ নদীবান্ধে মৰাত্মক প্ৰভাৱ পেলাব। ৰাজ্যসভাত এই কথা সদৰি কৰিলে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে। 

শুকুৰবাৰে ৰাজ্যসভাত এই তথ্য সদৰি কৰিছে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, ১৪ জুলাইৰ পৰা ১৬ জুলাইলৈ চীন ভ্ৰমণ কৰা বিদেশ মন্ত্ৰী এছ জয় শংকৰে বেইজিঙত এই বিষয়টো উপস্থাপন কৰে৷ তাৰোপৰি তেওঁ কয়, বুজাবুজিৰ মাধ্যমৰে ইয়াৰলোং চাংপোৰ ওপৰত অতি বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিষয়টো নিস্পত্তি নহ’লে বান্ধৰ নামনি অংশত বসবাস কৰা ভাৰতীয়ৰ জীৱন জীৱিকা নিৰাপত্তা নিশ্চিতকৰণৰ বিষয়টো আলোচনা হ’ব।  

মন্ত্ৰীগৰাকীৰ মতে তিব্বতৰ পৰা ওলাই অসমৰ মাজেৰে বৈ গৈ বাংলাদেশ হৈ বংগোপসাগৰত পৰা ব্ৰহ্মপুত্ৰক উৎসতে বৃহৎ বান্ধ দি ভেঁটিব খোজাটো ভাৰতৰ বাবে উদ্বিগ্নতাৰ বিষয়। উল্লেখ্য যে, যোৱা জুলাই মাহৰ পৰাব্ৰহ্মপুত্ৰৰ ওপৰত এই বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে।

ইয়াৰ দ্বাৰা পাঁচটা জলবিদ্যুৎ শক্তি কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। কমেও ৩০ কোটি লোকৰ বাৰ্ষিক বিদ্যুতৰ চাহিদা পূৰণ কৰিব পৰাকৈ প্ৰতিবছৰে ৩০০ বিলিয়ন ইউনিট বিদ্যুৎ উৎপাদনৰ পৰিকল্পনা কৰি এই প্ৰকল্প ৰূপায়ণ কৰা হ’ব। ভূতাত্বিকভাৱে স্পৰ্শকাতৰ অঞ্চলত এই বান্ধৰ ফলত অসম আৰু বাংলাদেশত বিৰূপ পৰিস্থিতি উদ্ভৱ হ’ব পাৰে বুলি পৰিৱেশবিদসকলে আশংকা প্ৰকাশ কৰিছিল। সেই আশংকাই এতিয়া কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীৰ ভাষ্যতো স্পষ্ট হৈ পৰিছে। 

ৰাজ্যসভা চীন বৃহৎ নদীবান্ধ ব্ৰহ্মপুত্ৰ