/asomiyapratidin/media/media_files/2025/09/17/raju-das-17-2025-09-17-17-37-32.jpg)
ডিজিটেল সংবাদ বোকাখাতঃ নিজৰ চমু জীৱনকালত দুৰ্দশাগ্ৰস্ত লোকৰ সহায়ৰ বাবে কেতিয়াও থমকি নোৰোৱা তথা নিজে ৩৯ বাৰকৈ আৰ্তজনক ৰক্তদান কৰি সমগ্ৰ অসমতেই বিজ্ঞানমনস্কতাৰে ৰক্তদানৰ এক পৰিৱেশ সৃষ্টি কৰিবলৈ আহোপুৰুষাৰ্থ কৰা সদ্য প্ৰয়াত ৰাজু দাসলৈ উপযুক্ত স্বীকৃতি প্ৰদান কৰিবলৈ আগবাঢ়িছে 'টিম হিউমেনিটি' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। স্বেচ্ছাসেৱী সংগঠন 'টিম হিউমেনিটি'ৰ এজন আগৰণুৱা যোদ্ধা, সমাজহিতৈষী ৰাজু দাসৰ কৰ্মৰাজী আৰু স্মৃতিক যুগমীয়া কৰি ৰাখিবলৈ 'টিম হিউমেনিটি'য়ে প্ৰতি বছৰে প্ৰদান কৰিব 'মানৱ দৰদী ৰাজু দাস সোঁৱৰণী সমাজহিতৈষী বঁটা'।
স্বেচ্ছাসেৱী সংগঠন 'টিম হিউমেনিটি'ৰ বোকাখাত জিলা সমিতিৰ সম্পাদক বৰ্ণিল বিকাশ বৰায়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে 'মানৱ দৰদী ৰাজু দাস সোঁৱৰণী সমাজহিতৈষী বঁটা' প্ৰতিবছৰে সামাজিক তথা ৰক্তদানৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা অসমৰ এজন যোগ্য ব্যক্তিক প্ৰদান কৰা হ'ব। বঁটাটিত থাকিব এটি স্মাৰক আৰু প্ৰশস্তি পত্ৰ। অহা ২৩ নৱেম্বৰত তেজপুৰত অনুষ্ঠিত হ'বলগীয়া 'টিম হিউমেনিটি'ৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ পৰা এই বঁটা প্ৰদান কাৰ্যসূচী শুভাৰম্ভণি কৰা হ'ব আৰু বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে প্ৰকাশ পাবলগীয়া 'টিম হিউমেনিটি'ৰ স্মৰণিকাৰ এটি পৃষ্ঠা ৰাজু দাসৰ নামত সংৰক্ষণ তথা উৎসৰ্গা কৰা হ'ব।
উল্লেখযোগ্য যে, দীৰ্ঘদিন যকৃৎ আৰু হাওঁফাওৰ ৰোগত আক্ৰান্ত হৈ সমাজকৰ্মী তথা ৰক্তদাতা ৰাজু দাসৰ বিগত সোমবাৰ ১৫ ছেপ্তেম্বৰৰ পুৱাৰ ভাগত দেহাৱসান ঘটিছিল।