/asomiyapratidin/media/media_files/2026/02/17/ap-for-web-rajashri-2026-02-17-19-34-08.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাক গৌৰৱান্বিত কৰিলে এগৰাকী কৃতিমানে । তেওঁ হ'ল ঢকুৱাখনাৰ মেধাৱী কন্যা ৰাজশ্ৰী হাতীবৰুৱা । ঢকুৱাখনা সমজিলাৰ বৰপাত্ৰ গাঁৱৰ সদা বৰুৱা আৰু জ্যোৎস্না গোঁহাইৰ কন্যা ৰাজশ্ৰী হাতীবৰুৱাই সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ (জুনিয়ৰ গ্ৰেড)পৰীক্ষাত ২০ সংখ্যক স্থান দখল কৰি কৃতিত্বৰে উজ্বলি উঠিছে ।
আয়োগৰ অসম অসামৰিক সেৱা(এ চি এছ)ৰ বাবে কৃতিত্বৰে নিৰ্বাচিত হোৱা ৰাজশ্ৰী বৰ্তমান লখিমপুৰ জিলাৰ জলসম্পদ বিভাগৰ (কাৰিকৰী)ত "এচিষ্টেণ্ট একাউন্টচ অফিচাৰ" হিচাপে কৰ্মৰত । স্মৰ্তব্য যে যোৱা বৰ্ষত ৰাজশ্ৰীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ "এচিষ্টেণ্ট একাউন্টচ অফিচাৰ" হিচাপে সেৱা আগবঢ়াই আছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/17/whatsapp-imag-2026-02-17-19-34-26.jpeg)
ৰাজ্যখনৰ প্ৰশাসনিক ক্ষেত্ৰখনৰ এগৰাকী আত্মোৎস্বৰ্গী এ চি এছ বিষয়া হোৱাৰ দুৰ্বাৰ সপোন দেখা প্ৰচুৰ অধ্যয়নশীল ৰাজশ্ৰীয়ে প্ৰাত্যহিক কৰ্ম ব্যস্ততাৰ মাজতো নিজকে প্ৰস্তুত কৰি তুলিছিল এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে । অৱশেষত ইস্পিত ফলাফল লাভ কৰিলে বিনয়ী ৰাজশ্ৰীয়ে ।
আজি বিয়লি ইস্পিত শুভ সংবাদ লাভ কৰি আনন্দত আত্মহাৰা হোৱা ৰাজশ্ৰীৰ এই সাফল্যত উল্লাসিত পিতৃ-মাতৃ, পৰিয়ালৰ লগতে সমগ্ৰ ঢকুৱাখনাবাসী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us