/asomiyapratidin/media/media_files/2026/02/18/fesddfsedasds-2026-02-18-23-46-17.jpg)
ডিজিটেল ডেস্কঃ জে’লৰ ভিতৰত থাকিব লাগে বিশেষ ‘স্ম’কিং জ’নৰ সুবিধা। এই দাবী বিশিষ্ট অভিনেতা ৰাজপাল যাদৱৰ। অভিনেতা গৰাকীৰ মতে, যেনেকৈ ৰেলৱে ষ্টেচন বা বিমানবন্দৰত নিৰ্দিষ্ট ধূমপান কক্ষ থাকে, তেনেকৈ জে’লসমূহতো পৃথক স্থান থকাটো উচিত।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অভিনেতাগৰাকীয়ে লগতে উল্লেখ কৰে যে, জে'লসমূহক কেৱল শাস্তি প্ৰদানৰ ঠাই নহয়, বৰং সংস্কাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা উচিত। বন্দীসকলক সঠিক দিশে আগবঢ়াৰ সুযোগ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। লগতে তেওঁ কয়, “যিসকলে সঁচাকৈয়ে সংশোধন হ’ব নোখোজে, তেওঁলোকৰ ক্ষেত্ৰত আইনেই সৰ্বোচ্চ।”
উল্লেখযোগ্য যে, চেক বাউন্স গোচৰত তিহাৰ জেলৰ পৰা মুক্তি লাভ কৰাৰ পাছত অভিনেতা গৰাকীয়ে চলচ্চিত্ৰ উদ্যোগ আৰু অনুৰাগীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। সংবাদ সংস্থা পি টি আইক দিয়া সাক্ষাৎকাৰত তেওঁ সদৰী কৰে যে, জীৱনৰ কঠিন সময়ছোৱাত বহু লোক তেওঁৰ কাষত থিয় হৈছে আৰু তেওঁ বহুত মৰম-সমৰ্থন লাভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us