তিহাৰ জে’লৰ পৰা মুক্তি লাভ কৰিলে ৰাজপাল যাদৱে

বলীউডৰ অভিনেতা ৰাজপাল যাদৱে ১৬ ফেব্ৰুৱাৰীত জামিন লাভ কৰিছে। অভিনেতাগৰাকীয়ে ১১ দিন কাৰাগাৰত থাকি জামিনৰ বাবে আবেদন আগবঢ়াইছিল।

author-image
Asomiya Pratidin
New Update
new ap web 3.jpg (1)

ডিজিটেল ডেস্কঃ  বলীউডৰ অভিনেতা ৰাজপাল যাদৱে ১৬ ফেব্ৰুৱাৰীত জামিন লাভ কৰিছে। ২০১৮ চনৰ এক চেক বাউন্স গোচৰত আইনী নিৰীক্ষণৰ অধীনত থকা অভিনেতাগৰাকীক আদালতে ধন পৰিশোধৰ চৰ্ত পূৰণ নকৰাৰ বাবে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত তিহাৰ কাৰাগাৰত আত্মসমর্পণ কৰিবলৈ নির্দেশ দিছিল। অভিনেতাগৰাকীয়ে ১১ দিন কাৰাগাৰত থাকি জামিনৰ বাবে আবেদন আগবঢ়াইছিল। অভিযোগকাৰীৰ বেংক একাউণ্টত ১.৫ কোটি টকা জমা কৰাৰ পাছত ৰাজপাল যাদৱৰ আইনী সকাহৰ পথ মুকলি হোৱা বুলি আদালতে উল্লেখ কৰে ।

WhatsApp Image 2026-02-17 at 11.50.51 AM

যোৱা সপ্তাহত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে অভিনেতাগৰাকীক ৯ কোটি টকা আদায় নকৰাৰ বাবে সকাহ নিদিয়া বুলি জনাইছিল। অৱশ্যে, চলচ্চিত্র জগতৰ কেইবাজনো লোকৰ আৰ্থিক সহায়ৰ পাছত,ৰাজপাল যাদৱে সোমবাৰে জামিন লাভ কৰিছে। উল্লেখ্য যে, অৱশ্যে চলি থকা আইনী যুঁজৰ মাজতো ৰাজপাল যাদৱে আপাততঃ জামিনত মুকলি হৈ কিছু সকাহ লাভ কৰিছে।

ইপিনে বলীউড আৰু সংগীতৰ কেইবাগৰাকীও তাৰকাই ৰাজপালৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। ছলমান খান, অজয় ​​দেৱগন, ছনু ছুদ, গুৰমীত চৌধুৰী আৰু গায়িকা মিকা সিঙে বিপদৰ সময়ত অভিনেতাগৰাকীক সকলোৱে সহায়ৰ হাত আগবঢ়াইছে। লগতে  আদালতে তেওঁক ১৮ মার্চলৈকে মুক্তি প্রদান কৰিছে। এই জামিনৰ অধীনত অভিনেতাক শ্বাহজাহানপুৰত ভতিজীৰ বিয়াত অংশগ্ৰহণৰ অনুমতি দিয়া হৈছে। ৰাজপাল যাদৱৰ অধিবক্তাই উচ্চ ন্যায়ালয়ক জনাইছে যে অভিনেতাগৰাকীয়ে ১.৫ কোটি টকা জমা দিছে। লগতে, তেওঁক পাছপ'র্টো জমা দিবলৈ নির্দেশ দিয়া হৈছে। পৰৱৰ্তী শুনানি ১৮ মার্চত হ'ব।

WhatsApp Image 2026-02-17 at 11.51.01 AM

ৰাজপাল যাদৱ