/asomiyapratidin/media/media_files/2026/02/11/hdjdjdj-2026-02-11-12-11-52.jpg)
ডিজিটেল ডেস্কঃ বলিউডৰ অন্যতম প্ৰতিভাৱান অভিনেতা হৈছে ৰাজপাল যাদৱ। কমেডি চৰিত্ৰ ৰূপায়নৰ জৰিয়তে তেওঁ বলিউদত এখন সুকীয়া আসন দখল কৰিছে। তেওঁৰ কমেডী দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়। অৱশ্যে বৰ্তমান তেওঁ এক কঠিন সময়ৰ মাজেৰে পাৰ কৰিছে সময়। দীৰ্ঘদিন ধৰি চলি থকা চেক বাউন্স গোচৰৰ বাবে তেওঁক তিহাৰ জেললৈ প্ৰেৰণ কৰা হৈছে শেহতীয়াকৈ।
প্ৰথম অৱস্থাত চলচ্চিত্ৰ বিনিয়োগক লৈ বিবাদ আছিল যদিও পিছলৈ ই আদালতৰ যুদ্ধলৈ পৰিণত হয়। যাৰ ফলত অভিনেতাগৰাকীয়ে দিল্লীৰ তিহাৰ জেলত আত্মসমৰ্পণ কৰে। ইফালে তেওঁৰ আৰ্থিক অৱস্থাক লৈ শেহতীয়াকৈ এক প্ৰতিবেদনো প্ৰকাশ পাইছে।
খবৰ অনুসৰি ৰাজপাল যাদৱৰ নামত বৰ্তমান আছে প্ৰায় ৯ কোটি টকাৰ ঋণ। অভিনেতাগৰাকীৰ কাৰাবন্দী হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে অভিনেতা সনু ছুদে তেওঁক সহায় আগবঢ়ায়। অভিনেতাগৰাকীয়ে ৰাজপাল তেওঁৰ পৰৱৰ্তী ছবিৰ অংশ হ’ব বুলি উল্লেখ কৰি আন চেলিব্ৰিটিসকলক আগবাঢ়ি আহি এই কঠিন সময়ত সহায় কৰিবলৈও আহ্বান জনায়।
অভিনেতা গুৰমীত চৌধৰীয়েও তেওঁক সকলো প্ৰকাৰে সহায় কৰিব বুলি কয়। লগতে তেওঁ ৰাজপাল যাদৱক সহায় কৰিবলৈ আগবাঢ়ি আহিবলৈ প্ৰযোজক আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলক আহ্বান জনায়। ইফালে ৰাজনৈতিক নেতা তেজ প্ৰতাপ যাদৱে ৰাজপাল যাদৱলৈ ১১লাখ টকা আগবঢ়ায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us