গ্ৰীচৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দ্বিপাক্ষিক বৈঠক

সোমবাৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গ্ৰীচৰ প্ৰতিৰক্ষা মন্ত্ৰী নিকোলাওছ জৰ্জিওছ এছ ডেণ্ডিয়াছ নতুন দিল্লীত এক দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।

author-image
Asomiya Pratidin
New Update
defencecece

ডিজিটেল ডেস্কঃ সোমবাৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গ্ৰীচৰ প্ৰতিৰক্ষা মন্ত্ৰী নিকোলাওছ জৰ্জিওছ এছ ডেণ্ডিয়াছ নতুন দিল্লীত এক দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। দেওবাৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে কয় যে- ‘ভাৰত আৰু গ্ৰীচৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ দিশত নিজৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিপন্ন কৰিব। ৯ ফেব্ৰুৱাৰীত নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু নিকোলাওছ জৰ্জিওছ এছ ডেণ্ডিয়াছ এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।’

HApCpwvaUAAnFxA

উল্লেখ্য যে, এই বৈঠকখন নতুন দিল্লী আৰু এথেন্সৰ মাজত বৃদ্ধি হোৱা কৌশলগত সম্পৰ্কৰ সময়ত অনুষ্ঠিত হ’ব, য’ত প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতা বৃহৎ দ্বিপাক্ষিক সম্পৰ্কৰ এক মূল স্তম্ভ হিচাপে উদয় হৈছে। ইফালে, শুকুৰবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে নিকোলাওছ জৰ্জিওছ এছ ডেণ্ডিয়াছ ওৰফে নিকোছ ডেণ্ডিয়াছৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল। এই বৈঠকখনত দুয়োখন দেশৰ কৌশলগত বিষয়সমূহৰ ওপৰত আলোচনা কৰিছিল। 

আনহাতে, শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে Xত এক পোষ্ট কৰিছিল। এই পোষ্টটোত তেওঁ লিখিছে- গ্ৰীচৰ প্ৰতিৰক্ষা মন্ত্ৰী নিকোছ ডেণ্ডিয়াছক স্বাগতম জনাইছো। কৌশলগত আৰু নিৰাপত্তাৰ বিষয়ত গভীৰ আলোচনা। ডেণ্ডিয়াছৰ দৃষ্টিভংগী আৰু মূল্যাংকনক আমি গুৰুত্বসহকাৰে লৈছো।

ৰাজনাথ সিং