Advertisment

৪ দিনৰ জেৰাৰ পাছত শ্বিলঙৰ পৰা কলকাতালৈ উভতিল ৰাজীৱ কুমাৰ

৪ দিনৰ জেৰাৰ পাছত শ্বিলঙৰ পৰা কলকাতালৈ উভতিল ৰাজীৱ কুমাৰ

author-image
asomiyapratidin
New Update
৪ দিনৰ জেৰাৰ পাছত শ্বিলঙৰ পৰা কলকাতালৈ উভতিল ৰাজীৱ কুমাৰ

ডিজিটেল ডেস্কঃ কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক চিবিআইৰ ৪ দিনীয়া মাৰাথন জেৰাৰ সোধা-পোছাৰ পাছত বুধবাৰে কলকাতালৈ উভতি যোৱাৰ অনুমতি প্ৰদান কৰা হৈছে। দুপৰীয়া শ্বিলঙৰ পৰা কলকাতালৈ উভতি যায় আৰক্ষী আয়ুক্তগৰাকী। সাৰদা কেলেংকাৰী সন্দৰ্ভত ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ শ্বিলংস্থিত চিবিআইৰ কাৰ্যালয়ত উপস্থিত হয় আৰু যোৱা ৫দিনে তেওঁক সোধা-পোছা কৰা হয়। যোৱা ৯ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰী তাৰিখলৈকে তেওঁক চিট ফাণ্ড কেলেংকাৰী সন্দৰ্ভত সোধা-পোছা কৰা হৈছিল।অৰ্থাৎ যোৱা ৫দিনত তেওঁক মুঠ ৩৬ঘণ্টা সোধা-পোছা কৰিছিল চিবিআইৰ এটা বিষয়াৰ দলে।

Advertisment

ইফালে, সোমবাৰে সাৰদা কেলেংকাৰী সন্দৰ্ভত টিএমচি প্ৰাক্তন সাংসদ কুনাল ঘোষকো সোধা-পোছা কৰে চিবিআই-য়ে। আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু প্ৰাক্তন সাংসদ কুনাল ঘোষক মুখামুখিকৈ ৰাখি সোধ-পোছ কৰা হয়। উল্লেখ্য যে, বুধবাৰেও  ৰাজীৱ কুমাৰক চিবিআই বিষয়াৰ দলটোৱে মুঠ ৪৬টা প্ৰশ্ন কৰে চিট ফাণ্ড কেলেংকাৰী সন্দৰ্ভত। কিন্তু যোৱা চাৰি দিনৰ সোধা-পোছাৰ লিপিৱদ্ধ কৰা হোৱা নাছিল। বুধবাৰেহে ৰাজীৱ কুমাৰক কৰা সোধা-পোছাত লাভ কৰা সমগ্ৰ তথ্য লিপিৱদ্ধ জমা কৰা হয়।

সূত্ৰ অনুসৰি, বুধবাৰে ৩ ঘণ্টা সোধা-পোছা কৰা হয় ৰাজীৱ কুমাৰক। আৰু তাৰপাছতেই তেওঁক কলকাতালৈ উভতি যোৱাৰ অনুমতি প্ৰদান কৰা হয়। মঙলবাৰে আৰক্ষী আয়ুক্তগৰাকীৰ অধিবক্তাগৰাকীয়ে চিবিআইক এখন লিখিত আৱেদন জাৰি কৰিছিল আৰু সেই আৱেদনক বুধবাৰে অনুমতি প্ৰদান কৰে চিবিআই-য়ে।

জানিব পৰা মতে, চিবিআই-য়ে যদিও আৰক্ষী আয়ুক্তগৰাকীক কলকাতালৈ উভতি যাবলি অনুমতি প্ৰদান কৰিছে। কিন্তু যদি প্ৰয়োজন হয় তেন্তে অহা ২০ ফেব্ৰুৱাৰীৰ পাছত পুনৰ শ্বিলঙৰ চিবিআই কাৰ্যালয়লৈ তেওঁক মাতি পঠিওৱা হ'ব পাৰে বুলিও জনায় দিয়ে।

ইফালে, কলকাতালৈ উভতি গৈয়ে প্ৰাক্তন সাংসদ কুনাল ঘোষে আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে। ৰাজীৱ কুমাৰে সোধা-পোছা কৰা সময়ত বহু নথি জমা দিছে। ৰাজীৱ কুমাৰ আৰু কুনাল ঘোষৰ সোধা-পোছা কৰাত যি ৰেকৰ্ড দাখিল কৰা হৈছে তাত বিসংগতি থকা বুলিও জানিব পৰা গৈছে। তদুপৰি, সাৰদা কেলেংকাৰীত বহু প্ৰভাৱশালী ব্যক্তিৰ নাম সম্বলিত ডায়েৰী আৰু প্ৰেনড্ৰাইভ লাভ কৰিছে চিবিআই-য়ে।