প্ৰাৰ্থিত্ব প্ৰত্যাশীৰে উদুলি-মুদুলি ৰাজীৱ ভৱন

কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে শ শ সমৰ্থকক লগত লৈ ৰাজীৱ ভৱনত কংগ্ৰেছ জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয়। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰে উদুলি-মুদুলি হৈ পৰিছে ৰাজীৱ ভৱন।  দেওবাৰৰ দিনটোতো ৰাজীৱ ভৱনত এক উৎসৱমুখৰ পৰিৱেশ হৈ পৰিছে । কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে শ শ সমৰ্থকক লগত লৈ ৰাজীৱ ভৱনত কংগ্ৰেছ জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয়। 

টীয়ক সমষ্টিৰ ৩জন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ লগতে বিহপুৰীয়া সমষ্টিৰ ২ জন প্ৰাৰ্থীয়ে একেলগে আহি একে সময়তে আবেদন পত্ৰ দাখিল কৰে । বিহপুৰীয়াৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নাৰায়ণ ভূঞাই সমষ্টিটোৰ আটাইকেইটা ব্লক আৰু মণ্ডলৰ সভাপতিক লগত লৈ আহি আবেদন পত্ৰ দাখিল কৰে। নামনি অসমৰ বিশেষকৈ ধুবুৰী আৰু ছমৰীয়া সমষ্টিৰ পৰা কেইবাজনো আবেদনকাৰীয়ে শ শ লোকক লৈ সমদল কৰি আবেদন পত্ৰ দাখিল কৰে। 

WhatsApp Image 2026-01-19 at 10.39.12 AM

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৱেবছাইট apcc.assam.org যোগে প্ৰায় ২০০০ আবেদন ডাউনলোড হৈছে আৰু ৭১ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে। আবেদনৰ লগত প্ৰতিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পুঁজিত ৫০ হাজাৰকৈ টকা ডিমাণ্ড ড্ৰাফটযোগে জমা কৰে। এতিয়ালৈকে প্ৰায় ৩৭০ গৰাকী প্ৰাৰ্থীয়ে ৰাজীৱ ভৱনলৈ আহি আবেদন জমা দি প্ৰাপ্তি স্বীকাৰ লৈছে। 

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ ডাঃ হেমহৰি পেগুৱে জনোৱা মতে এহা ২০ জানুৱাৰীলৈ এই প্ৰক্ৰিয়া অব্যাহত থাকিব। অহা ২ দিনত ৪০০ত কৈয়ো অধিক আবেদন জমা হোৱাৰ আশা আছে। ৰাজীৱ ভৱনত ১৯ জানুৱাৰীৰ পুৱা ১০ বজাৰ পৰা হিতেশ্বৰ শইকীয়া স্মাৰক গৃহত কেবাখনো টেবুলত এই আবেদনসমূহ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে। জানিব পৰা মতে, সোমবাৰৰ দিনটোত কেবাজনো গুৰুত্বপূৰ্ণ নেতা-কৰ্মীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন দাখিল কৰিব।

ৰাজীৱ ভৱন