Advertisment

৯বছৰীয়া বিবাহ বাৰ্ষিকীত প্ৰয়াত ৰাজীৱ শদিয়াৰ পত্নীৰ আৱেগিক পোষ্ট...

শিল্পী ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যুত এতিয়াও স্ৰিয়মান সমগ্ৰ ৰাজ্য। জাতি-মাটি-ভেটিৰ গান গাই জনতাক জাগৃত কৰা শিল্পীগৰাকীৰ পৰিয়াললৈ চৰকাৰ লগতে ভিন্ন দল-সংগঠনে আৰ্থিকভাৱে সহায় কৰিছে। এক কথাত কবলৈ গলে শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালৰ কাষত এতিয়া থিয় দিছে বহুজনে। 

author-image
Asomiya Pratidin
New Update
ৰাজীৱ শদিয়া..

ৰাজীৱ শদিয়া..

ডিজিটেল ডেস্কঃ শিল্পী ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যুত এতিয়াও স্ৰিয়মান সমগ্ৰ ৰাজ্য। জাতি-মাটি-ভেটিৰ গান গাই জনতাক জাগৃত কৰা শিল্পীগৰাকীৰ পৰিয়াললৈ চৰকাৰ লগতে ভিন্ন দল-সংগঠনে আৰ্থিকভাৱে সহায় কৰিছে। এক কথাত কবলৈ গলে শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালৰ কাষত এতিয়া থিয় দিছে বহুজনে। 

Advertisment

ৰাজীৱ শদিয়াৰ অনুপস্থিতিত এতিয়া পৰিয়ালটোৰ কাষত বহু মানুহ থাকিলেও আজিৰ দিনটোত (২৮জানুৱাৰী) যেন নিসংগতা অনুভৱ কৰিছে ৰাজীৱ শদিয়াৰ পত্নী উপাসনাই। কিয়নো আজি ৰাজীৱ শদিয়াৰ আৰু পত্নী উপাসনাৰ ৯বছৰীয়া বিবাহবাৰ্ষিকী। 

শিল্পীগৰাকীৰ অনুপস্থিতিত ৯বছৰীয়া বিবাহ বাৰ্ষিকীৰ দিনটোত সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট দিলে পত্নী উপাসনাই। ৰাজীৱ শদিয়াৰ এটি গীতৰ কলিৰে আজীৱন তেওঁক জীয়াই ৰখাৰ প্ৰতিশ্ৰুতি দিলে পত্নী উপাসনাই।

ৰাজীৱ শদিয়াৰ পত্নী উপাসনাই সামাজিক মাধ্যমত লিখিছে-   ভালপাঁও তোমাক/ ভালপাই থাকিম/ ওৰেটো জীৱন মই/  তোমাকে সঁপিম ।।/  তুমি নাথাকিলেও/ মোৰে কাষত/ নিসংগতাক সাৱটিম/ তুমিয়ে বুলি ।।/তোমাৰ এটি গীতৰ কলিৰে ন বছৰীয়া যুগ্মজীৱনৰ শুভাষা যাঁচিলো।

উল্লেখ কৰা প্ৰয়োজন যে, এক সংগীতানুষ্ঠানৰ মাজতে মৃত্যু হৈছিল ৰাজীৱ শদিয়াৰ। তাৰ পিছতে শিল্পীগৰাকীৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰিছিল।

ৰাজীৱ শদিয়া