Advertisment

ৰাজীৱ শদিয়াৰ পৰিয়ালক আৰ্থিক সাহায্য দিব, কিন্তু চাকৰিৰ নিশ্চয়তা নাইঃ জনালে মুখ্যমন্ত্ৰীয়ে...

শিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বহুতে পৰিয়ালটোক সহায়ৰ প্ৰতিশ্ৰুতি ইতিমধ্যে প্ৰদান কৰিছে। ৰাইজে দাবী কৰিছে যে, ৰাজীৱ শদিয়াৰ পত্নী আৰু পুত্ৰৰ সহায় হোৱাকৈ চৰকাৰে এটা চাকৰিৰ ব্যৱস্থাও কৰিব দিব লাগে।

author-image
Asomiya Pratidin
New Update
ৰাজীৱ শদিয়া

ৰাজীৱ শদিয়া Photograph: (অসমীয়া প্ৰতিদিন)

ডিজিটেল ডেস্কঃ  শিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বহুতে পৰিয়ালটোক সহায়ৰ প্ৰতিশ্ৰুতি ইতিমধ্যে প্ৰদান কৰিছে। ৰাইজে দাবী কৰিছে যে, ৰাজীৱ শদিয়াৰ পত্নী আৰু পুত্ৰৰ সহায় হোৱাকৈ চৰকাৰে এটা চাকৰিৰ ব্যৱস্থাও কৰিব দিব লাগে।

Advertisment

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৰাজীৱ শদিয়াৰ ঘৰত উপস্থিত হৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে এটা চৰকাৰী চাকৰিৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰাৰ কথাও কৈছিল। ৰাজীৱ শদিয়াৰ পৰিয়ালটোক সকাহ দিয়াৰ উদ্দেশ্যৰে এটা চৰকাৰী চাকৰি বিচাৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰীক ফোনযোগেৰে শেহতীয়াকৈ যোগাযোগ কৰিছিল।

মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত গগৈয়ে জনোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে কয় যে,  চৰকাৰে ৰাজীৱ শদিয়াৰ পৰিয়ালক আৰ্থিক সাহায্য দিব। কিন্তু চাকৰিৰ ক্ষেত্ৰত তেওঁ কোনো নিশ্চয়তা দিব নোৱাৰে। এই সন্দৰ্ভত অখিল গগৈয়ে সামাজিক মাধ্যমত লিখিছে এনেদৰে-  ৰাজীৱ শদিয়াৰ পত্নীৰ বাবে এটা চৰকাৰী চাকৰি বিচাৰি মই দুবাৰকৈ অনুৰোধ কৰাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুয়োবাৰে উত্তৰত জনাইছে যে চৰকাৰী চাকৰি সম্পৰ্কে তেখেতে একো ক’ব নোৱাৰে কিন্তু পৰিয়ালটোক আৰ্থিক সাহায্য দিব।

গগৈয়ে লগতে লিখিছে-  মুখ্যমন্ত্ৰীয়ে মোলৈ লিখিছে—- “ Govt job I do not know but will ensure financial aid.“ তথাপিও মই লাগি থাকিম চাকৰিটোৰ বাবে। যেতিয়ালৈকে চৰকাৰী চাকৰি এটাৰ ব্যৱস্থা নহ’ব তেতিয়ালৈকে আমাৰ ফালৰ পৰা অস্থায়ী ব্যৱস্থা এটা কৰা হ’ব।

উল্লেখ কৰা প্ৰয়োজন যে, ৰাজীৱ শদিয়াৰ পৰিয়ালক ইতিমধ্যে বহুজনে সহায়ৰ হাত আগবঢ়াইছে। আৰু বহুজনে ভৱিষ্যতে সহায় কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। 

ৰাজীৱ শদিয়া