/asomiyapratidin/media/media_files/2025/12/19/ujjdjjdd-2025-12-19-10-19-07.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ বিশিষ্ট সমাজকৰ্মী তথা , লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী (৮৯) ৰাজীৱ লাল বৰুৱাৰ কালি পুৱা নিজা বাসগৃহত বার্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। তেওঁৰ ঘৰ আছিল শিৱসাগৰ চহৰৰ মেলাচকৰ অঞ্চলৰ তাৰা প্ৰসাদ চলিহা পথৰ কাষত ৷
১৯৩৭ চনত শিৱসাগৰৰ এক বিখ্যাত পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাজীৱ লাল বৰুৱাই চাকৰিৰ সমান্তৰালকৈ বিভিন্ন সামাজিক কামকাজৰ লগত জড়িত হৈ পৰিছিল ৷ সাহিত্য সভাৰ পৰা আৰম্ভ কৰি আন আন অনুষ্ঠানলৈ দান বৰঙনি আগবঢ়োৱা ৰাজীৱ লাল বৰুৱাই মেলাচকৰ নামঘৰৰ সমাজৰ সম্পাদক হিচাপে কেইবাটাও বছৰ আগবঢ়াইছিল ৷
তেওঁ শিৱসাগৰ নাগৰিক সন্থাৰ লগতে জ্যেষ্ঠ নাগৰিক সন্থাৰো সক্ৰিয় সদস্য হিচাপে সেৱা আগবঢ়াইছিল ৷ পেঞ্চনাৰ সন্থাৰ সহকাৰী সম্পাদকৰ দায়িত্ব পালনকে আদিকৰি বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত থকা ধর্মপ্রাণ ব্যক্তি গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে ৷ তেওঁৰ বাসগৃহ চৌহদ গুণমুগ্ধৰে ভৰি পৰে ৷
বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে তেওঁৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ কাৰ্বি আংলঙস্থিত অসম কামাণ্ডু বেটেলিয়নৰ কামাণ্ডেন্ট সুপ্ৰতিভ লাল বৰুৱা, বিশিষ্ট ব্যৱসায়ী সজীৱ লাল বৰুৱা সহিতে পুত্র, বোৱাৰী, নাতি-নাতিনীকে ধৰি আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়।
তেওঁৰ মৃত্যুত মেলাচকৰ নামঘৰ সমাজ, শিৱসাগৰ নাগৰিক সন্থা, জ্যেষ্ঠ নাগৰিক সন্থা, পেঞ্চনাৰ সন্থাকে আদিকৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গভীৰ শোক প্ৰকাশ কৰিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us