/asomiyapratidin/media/media_files/2026/03/03/holiii-2026-03-03-13-28-39.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপিত হৈছে ৰঙৰ উৎসৱ ফাকুৱা। এই উপলক্ষে মহানগৰীত বিভিন্ন স্থানত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী। মহানগৰীৰ ৰাজগড় নামঘৰত হোলী উপলক্ষে প্ৰথম দিনাই ভাগৱত পাঠৰ অনুষ্ঠান আয়োজন কাৰ হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/03/weeeee-2026-03-03-13-27-30.jpeg)
এক আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত ভাগৱত পাঠত অঞ্চলটোৰ আই-মাতৃ আৰু ভকত-বৈষ্ণৱ সকলে অংশ লয়। নামঘৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে প্ৰতিবছৰেই তেওঁলোকে ফাকুৱা উৎসৱ এক আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত কৰি আহিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/03/sdfsdf-2026-03-03-13-27-44.jpeg)
এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে ফাকুৱা উৎসৱ আয়োজন কৰিছে। এই উপলক্ষে পুৱাৰ ভাগৰে পৰা নামঘৰৰ চৌহদত ভক্তপ্ৰাণ ৰাইজে চাকি-বন্তি প্ৰজ্বলন কৰি কুশল-মংগলৰ কামনা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/03/wedfd-2026-03-03-13-27-55.jpeg)
প্ৰথম দিনা ভোগ বিতৰণৰ পাছতেই সন্ধিয়ালৈ থিয় নাম অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই। দ্বিতীয় দিনা হোলী খেলাৰ লগতে ভাগৱতক লৈ এক সাংস্কৃতিক আৰু আধ্যাত্মিক সমদল বাহিৰ (সুঁৱেৰি উৎসৱ) কৰিব বুলিও জানিবলৈ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/03/xcxxd-2026-03-03-13-28-12.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us