/asomiyapratidin/media/media_files/2025/11/13/54dcd818-59ab-4a74-af92-ad59493f04f4-2025-11-13-17-48-23.jpeg)
ডিজিটেল ডেস্কঃ সোণ-ৰূপৰ প্ৰতি আমাৰ অধিকাংশৰে থাকে দুৰ্বলতা। চাহিদা বৃদ্ধি পোৱাৰ বাবেই শেহতীয়াকৈ অতিপাত গতিত বৃদ্ধি পাইছে সোণ-ৰূপৰ মূল্য। কিন্তু আপুনি জানেনে, সোণৰ ৰজা হিচাপে খ্যাত ভাৰতীয় গৰাকীৰ নাম? তেওঁৰ নাম চৰ্চালৈ নাহে যদিও বিশ্বৰ সোণ-ৰূপৰ বজাৰখনত তেওঁ হৈছে অন্যতম এগৰাকী ব্যক্তি। তেওঁৰ নাম ৰাজেশ মেহতা।
সোণ-ৰূপৰ গণনা নিৰ্মাণ কৰা ভাৰতৰ সবাতোকৈ ডাঙৰ প্ৰতিষ্ঠানটোৰ মালিক ৰাজেশ মেহতা। কেৱল গহণাই নহয়, কেচাঁমালৰ পৰা সোণ-ৰূপ সংগ্ৰহ কৰা প্ৰতিষ্ঠানবোৰৰ ভিতৰত অন্যতম হৈছে ৰাজেশ এক্সপৰ্ট লিমিটেড নামৰ কোম্পানীটো। বিশ্বৰ প্ৰায় ৬০খন দেশত সোণ-ৰূপৰ ব্যৱসায় কৰে ৰাজেশ মেহতাই।
উল্লেখনীয় কথাটো হৈছে যে, ছুইজাৰলেণ্ডস্থিত বিশ্বৰ সবাতোকৈ ডাঙৰ সোণ উতপাদন আৰু সোণৰ গহণা নিৰ্মাণ কৰা বেৱকেম্বী নামৰ কোম্পানীটোও ক্ৰয় কৰিছে ৰাজেশ মেহতাই। এই কোম্পানীটোৱে বছৰি ২০০০টন সোণ, ৰূপ উতপাদন কৰে। ২০১৫চনৰ জুলাই মাহত এই কোম্পানীটো ক্ৰয় কৰিছিল মেহতাই। বিশ্বৰ প্ৰায় ৩৫শতাংশ সোণ যায় মেহতাৰ এই কোম্পানীটোৰ পৰাই।
সোণৰ বজাৰখনৰ ৰজা খ্যাত ৰাজেশ মেহতাৰ জীৱন আছিল অতি সংঘৰ্ষময়। পিতৃৰ এখন সৰু দোকানৰ পৰা সোণৰ এই বিশাল সম্ৰাজ্য গঢ়ি তুলিছে ৰাজেশে। গুজৰাটৰ এই ব্যৱসায়গৰাকীয়ে বৰ্তমান সমগ্ৰ বিশ্বতে সোণৰ ব্যৱসায় কৰি আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us