শ্যামকানু-সিদ্ধাৰ্থ-অমৃতপ্ৰভালৈ দৰদ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক ৰাজদ্বীপ সৰদেশাইৰ...

জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ সৈতে নাম সাঙোৰ খাই বৰ্তমান কাৰাবন্দী হৈ থকা শ্যামকানু-সিদ্ধাৰ্থহতঁৰ সমৰ্থনত নামি পৰিল এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট সাংবাদিক। ছিংগাপুৰ আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত জুবিনৰ মৃত্যুত

author-image
Asomiya Pratidin
New Update
ikjjjd

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ সৈতে নাম সাঙোৰ খাই বৰ্তমান কাৰাবন্দী হৈ থকা শ্যামকানু-সিদ্ধাৰ্থহতঁৰ সমৰ্থনত নামি পৰিল এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট সাংবাদিক। ছিংগাপুৰ আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত জুবিনৰ মৃত্যুত কোনো অস্বাভাৱিকতা নাই বুলি ৰাজহুৱা কৰাৰ পাছতে সাংবাদিক ৰাজদ্বীপ সৰদেশাইয়ে এক্স হেণ্ডেলত অসম চৰকাৰক এই তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰে।

সাংবাদিকগৰাকীয়ে কয় যে, ছিংগাপুৰ আৰক্ষীয়ে এয়া হত্যাকাণ্ড নহয় বুলি কোৱাৰ পিছতো কি যুক্তিত অসম চৰকাৰে ৭গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ২০২৬ৰ নিৰ্বাচনৰ বাবে জনতাৰ আৱেগ জয় কৰিবলৈকে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নেকি বুলিও প্ৰশ্ন কৰে সাংবাদিকগৰাকীয়ে।

অসমত আইনৰ কোনো ব্যৱস্থাক মানি চলা নহয় নেকি বুলি প্ৰশ্ন কৰিছে ৰাজদ্বীপ সৰদেশায়ে। সাংবাদিকগৰাকীয়ে এই পোষ্ট সামাজিক মাধ্যমত দিয়াৰ পাছতে গালিৰ বৰষুণ হয় তেওঁৰ পোষ্টত। ভিতৰুৱা কথা নজনাকৈ অপৰাধীক ৰক্ষণাবেক্ষণৰ বাবে অসমৰ ভিতৰুৱা কথাত মাত নামাতিবলৈ একাংশই সকিয়নী প্ৰদান কৰে সাংবাদিকগৰাকীক।

সাংবাদিক গৰাকীয়ে এক্সত দিয়া পোষ্টটো এইটোঃ-

b9d8aac0-f305-47f8-8414-0dc81498be6f

জুবিন গাৰ্গ