দামী বাইক, দামী গাড়ী নহয়! হেলিকপ্টাৰ লৈ ৫ ছাত্ৰ ওলাল পৰীক্ষা দিবলৈ...

পৰীক্ষা দিবলৈ দামী গাড়ীত বা দামী বাইক লৈ যোৱা আপুনি হয়তো দেখিছে। কিন্তু পৰীক্ষা দিবলৈ হেলিকপ্টাৰ লৈ যোৱা বাৰু আপুনি দেখিছেনে?  ৫শিক্ষাৰ্থীয়ে এইবাৰ হেলিকপ্টাৰ লৈ ওলাল পৰীক্ষা দিবলৈ। অৱশ্যে

author-image
Asomiya Pratidin
New Update
dddddddddddd

ডিজিটেল ডেস্কঃ পৰীক্ষা দিবলৈ দামী গাড়ীত বা দামী বাইক লৈ যোৱা আপুনি হয়তো দেখিছে। কিন্তু পৰীক্ষা দিবলৈ হেলিকপ্টাৰ লৈ যোৱা বাৰু আপুনি দেখিছেনে?  ৫শিক্ষাৰ্থীয়ে এইবাৰ হেলিকপ্টাৰ লৈ ওলাল পৰীক্ষা দিবলৈ। অৱশ্যে তেওঁলোকে কোনো বিলাসিতাৰ বাবে নহয়, পৰিস্থিতিত পৰিহে হেলিকপ্টাৰ লৈ ওলাল পৰীক্ষা দিবলৈ।

f50c63e2-430a-4878-b595-1f8b65c7b038

এই ঘটনা ৰাজস্থানৰ। ৰাজস্থানৰ ৫শিক্ষাৰ্থীৰ বি এড পৰীক্ষা চেন্টাৰ পৰিছিল হিমাচল প্ৰদেশত। কিন্তু নেৰানেপেৰা বৰষুণ আৰু প্ৰচণ্ড ভূমিস্খলনৰ ফলত হিমাচলৰ ৰাস্তা-ঘাট এতিয়া খুবেই তথৈবচ। গাড়ী-বাইক লৈ যোৱাতো কোনোপধ্যেই সম্ভৱ নহয়। সেয়েহে হেলিকপ্টাৰ লৈ ৫শিক্ষাৰ্থীয়ে পৰীক্ষা দিলেগৈ হিমাচল প্ৰদেশত।

হিমাচল প্ৰদেশৰ মুক্ত বিশ্ববিদ্যালয়ত পৰীক্ষা কেন্দ্ৰ পৰিছিল ৫শিক্ষাৰ্থীৰ। ৰাজস্থানৰ পৰা ৫শিক্ষাৰ্থীয়ে হেলিকপ্টাৰ খন ভাড়াত লৈছিল ৫২হাজাৰ টকাত। ছাত্ৰকেইগৰাকীয়ে জনায় যে, তেওঁলোকৰ প্ৰত্যোকে ১০,৪০০টকাকৈ প্ৰদান কৰিছে হেলিকপ্টাৰৰ ভাড়া। 

894a3453-0977-465c-828c-af1a70084a60

পৰীক্ষা দিবলৈ এই ৫শিক্ষাৰ্থীৰ কামক এতিয়া সকলোৱে প্ৰশংসা কৰিছে। ৰাজস্থানৰ উক্ত স্থানৰ পৰা প্ৰায় ২৮০কিলোমিটাৰ দুৰত্বত আছিল হিমাচলৰ এই পৰীক্ষাকেন্দ্ৰটো। বাইক বা গাড়ীৰে গলে সময় লাগে ১০ঘন্টা কিন্তু হেলিকপ্টাৰেৰে সময় প্ৰয়োজন হয় মাত্ৰ ২০-২৫মিনিট। 

হিমাচল প্ৰদেশ