বেদখল আৰু চৰকাৰৰ অৱহেলাত অনাদৃত ৰজনীকান্ত বৰদলৈৰ 'মনোমতী'ৰ ৰচনাথলী

অবাধ বেদখল, চৰকাৰ তথা অসম সাহিত্য সভাৰ দৰে জাতীয় সংগঠনৰ চৰম অৱহেলা আৰু অনীহাৰ বাবে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অনুপম সৃষ্টি মনোমতী উপন্যাসৰ ৰচনা থলী হাউলীৰ হালাপাকুৰিৰ সেই ঐতিহাসিক ডাক বঙলাটো আজি অনাদৃত আৰু পৰিত্যক্ত হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
fgfsdsad

ডিজিটেল সংবাদ, হাউলীঃ অবাধ বেদখল, চৰকাৰ তথা অসম সাহিত্য সভাৰ দৰে জাতীয় সংগঠনৰ চৰম অৱহেলা আৰু অনীহাৰ বাবে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অনুপম সৃষ্টি মনোমতী উপন্যাসৰ ৰচনা থলী হাউলীৰ হালাপাকুৰিৰ সেই ঐতিহাসিক ডাক বঙলাটো আজি অনাদৃত আৰু পৰিত্যক্ত হৈ পৰিছে বুলি হাউলী মনোমতী উপন্যাস থলী সংৰক্ষণ সমিতিয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

সংৰক্ষণ সমিতিৰ সম্পাদক যুগান্ত বায়নে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতি যোগে কয় যে,যোৱা ২০২২ চনৰ ২৪ নৱেম্বৰত উপন্যাস সম্ৰাট গৰাকীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী অসম সাহিত্য সভাই হাউলী কেন্দ্ৰীয় ভাবে পালন কৰা অনুষ্ঠানত অংশ গ্ৰহণ কৰি সেই সময়ৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা আৰু গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ডক্তৰ সঞ্জীৱ কুমাৰ শৰ্মাই অসম চৰকাৰৰ লগত যোগাযগ কৰি সংৰক্ষণ সমিতিৰ সহযোগত  ডাক বঙলাটো সংৰক্ষণ আৰু পুনৰ নিৰ্মাণৰ বাবে এক প্ৰাক কলন প্ৰস্তুত কৰিবলৈ সংৰক্ষণ সমিতিক অনুৰোধ জনাইছিল আৰু সমিতিয়ে সেই সময়তে তৎকালীন ভাবে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক গৰাকীৰ হাতত দাখিল কৰিছিল।

প্ৰায় পাঁচ কৌটি টকাৰ এই প্ৰাককলন মতে সাহিত্য সভাই চৰকাৰৰ লগত আলোচনা কৰি কাৰ্যপন্থা গ্ৰহণ কৰা হব বুলি জনাইছিল। কিন্তু অতি পৰিতাপ আৰু দুৰ্ভাগ্যৰ বিষয় যে ,আজি পাঁচ বছৰ অতিক্ৰম কৰাৰ পাছতো অসম সাহিত্য সভাই এই সম্পৰ্কত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে আৰু অসম চৰকাৰেও কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহল। ফলত জাতীয় জীৱনৰ এক গৌৰৱময় ইতিহাস আৰু ঐতিহ্য আজি পাহৰণিৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হৈছে।

ইফালে, বৰপেটা জিলাৰ তদানীন্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰ, তেজ প্ৰসাদ ভূচাল আৰু মুনীন্দ্ৰ শৰ্মাই ৰচনা থলীত বেদখল ৰোধ কৰা আৰু সীমা চিনাক্ত কৰাৰ বাবে কিছু পদক্ষেপ লৈছিল। কিন্তু পৰৱৰ্তী কালৰ জিলা আয়ুক্ত সকলে ৰজনীকান্ত বৰদলৈৰ প্ৰতিভাৰ মূল্যায়ন কৰিবলৈ সমৰ্থ নোহোৱা বাবে আজিলৈ বেদখল ৰোধ আৰু সীমা চিনাক্ত কৰা হৈ নুঠিল। ফলশ্ৰুতিত প্ৰায় ১৪ বিঘা মাটিৰে আবৃত্ত এলেকাত আজিও বেদখল অব্যাহত আছে। 

হাউলী মনোমতী উপন্যাস থলী সংৰক্ষণ সমিতিয়ে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অঞ্চলটো বেদখল মুক্ত কৰিবলৈ আৰু অসম সাহিত্য সভাক পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি ঠাই খিনি সংৰক্ষণ কৰাৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।   

ৰজনীকান্ত বৰদলৈ