/asomiyapratidin/media/media_files/2026/02/15/3-2026-02-15-13-26-28.jpg)
ডিজিটেল ডেস্কঃ বাক্সা জিলাৰ অন্তৰ্গত শালবাৰী মহকুমাৰ অধীনৰ লেছেৰা গাৱঁৰ বড়ো জনগোষ্ঠীৰ বিপ্লৱী সংগীত শিল্পী,সাংস্কৃতিক সেৱক আৰু ১৯৯১ চনত প্ৰতিষ্ঠা কৰা সদৌ বড়ো সাংস্কৃতিক সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ৰজনী স্বৰ্গীয়াৰীক শিক্ষা আৰু সাংস্কৃতিকৰ ওপৰত এনচিআৰ দিল্লীৰ মেজিক এণ্ড আৰ্ট বিশ্ববিদ্যালয়ে যোৱা ১৪ ফেব্ৰুৱাৰীত ডক্টৰেট উপাধি প্ৰদান কৰে। ১৪ ফেব্ৰুৱাৰীত এনচিআৰ দিল্লীৰ ফৰিদাবাদস্থিত দ্য কাষ্টেল অৱ আৰ্ট থিয়েটাৰৰ প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানটোৰ জৰিয়তে ডক্টৰেট উপাধি প্ৰদান কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/15/whatsapp-ima-2026-02-15-13-23-05.jpeg)
জানিব পৰা মতে, তেওঁ ১৯৭৯ চনৰ পৰাই ৰেডিঅ' শিল্পীৰ লগতে ১৯৮৮ চনৰ পৰাই দুৰদৰ্শনৰ শিল্পী হিচাপে জড়িত আছিল । ১৯৯০ চনত বড়ো আন্দোলনৰ সময়ত বড়ো বিপ্লৱীৰ গীতবোৰ জাংখ্ৰিথাই , দাউহাৰু, হাৰিমু আদি অডিঅ' কেছেটবোৰত গাইছিল। ১৯৯১ চনত বিপ্লৱী গীতৰ অডিঅ' কেছেট থুংগ্ৰীক প্ৰকাশ কৰিছিল। ১৯৯২ চনত জীউ ছাহাৰা নামৰ এখন পুথি প্ৰকাশ কৰিছিল। তেওঁ ১৯৯১ চনৰ পৰা ২০০১ চনলৈ সদৌ বড়ো সাংস্কৃতিক সন্থাৰ সাধাৰণ সম্পাদক আছিল। তেওঁ ২০০৪ চনত প্ৰকাশ হোৱা গোৰোবথানি জাৰিমিন ভিডিঅ ছবিৰ নিৰ্দেশক , ২০০৫ চনত উলিৱা অডিঅ কেছেট গংছে ননিনো সুবুংৰ সম্পাদক, ২০০২ চনৰ পৰা ২০০৭ চনলৈ সদৌ বড়ো সাংস্কৃতিক সন্থাৰ সভাপতি আছিল।
উল্লেখ্য যে, তেওঁ ২০০৯ চনৰ পৰা ২০১১ চনলৈ বড়ো সাহিত্য সভাৰ সানজোৰাং লক্ষেশ্বৰ ব্ৰহ্ম বঁটা নিৰ্বাচনী সমিতিৰ সভাপতি, ২০০৪ চনত জ্ঞানপীঠ বঁটা নিৰ্বাচনী সমিতিৰ সদস্য, ২০০৭ চনত সাহিত্য অকাডেমি বঁটা নিৰ্বাচিনী সমিতিৰ জুৰি সদস্য, ২০১৯ চনত বড়ো ছবি চেনচৰ বৰ্ডৰ সদস্য হৈছিল। ২০১১ চনত বাংবুলা ছবি প্ৰমাণ পত্ৰ, ২০১৭ চনত বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই তেওঁক বড়ো সংস্কৃতিত অৱদান আগবঢ়োৱাৰ বাবে সম্বৰ্ধনা দিয়ে। ২০২১ চনত থুংগ্ৰি বি মহিলাৰী বঁটা, ২০২১ চনত অসম চৰকাৰৰ পৰা শিল্পী সম্বৰ্ধনা, ২০২৩ চনত বিটিআৰ চৰকাৰৰ পৰা জোহোলাউ নিলেশ্বৰ ব্ৰহ্ম সাংস্কৃতিক বঁটা,২০২৩ চনত সদৌ বড়ো সাংস্কৃতিক সন্থাৰ পৰা অস্থাত কামিনি কুমাৰ নাৰ্জাৰী সাংস্কৃতিক বঁটা, ২০২৪ চনত অসম চৰকাৰৰ অধ্যক্ষৰ পৰা মান পত্ৰ আৰু ২০২৫ চনত বিটিআৰ চৰকাৰৰ পৰা মান পত্ৰ প্ৰদান কৰে। তেওঁ আলা ৰাম স্বৰ্গীয়াৰী আৰু থপেশ্বৰী স্বৰ্গীয়াৰীৰ কণিষ্ঠ পুত্ৰ লগতে শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ বীৰেন্দ্ৰ নাথ বসুমতাৰী, বৰপেটাৰোডৰ গোপীনাথ বৰদলৈ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দুলেন্দ্ৰ নাথ বসুমতাৰী আৰু বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰীৰ ভাগিনীয়েক । তেওঁৰ এই ডক্টৰেট উপাধি পোৱাত বিটিচিৰ সকলো ব্যক্তিয়েই আনন্দ প্ৰকাশ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/15/whatsapp-imag-2026-02-15-13-24-43.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us