/asomiyapratidin/media/media_files/2025/10/23/ap-web-raja-2025-10-23-12-50-46.jpg)
ডিজিটেল ডেস্কঃ "আদালত, SIT, চৰকাৰে যদি জুবিন দাৰ মৃত্যুৰ একো ৰহস্য উলিয়াই দিব নোৱাৰে তেনেহ'লে অসমৰ ৰাইজ আছে, ভগৱান আছে সকলো ওলাই পৰিব"- এই মন্তব্য জুবিন বন্ধু তথা দীৰ্ঘ সময়ৰ সহযোগী ৰাজা বৰুৱাৰ।
অন্তৰংগ বন্ধু জুবিন হেৰাই যোৱাৰ কথা এতিয়াও সহজভাৱে লব পৰা নাই ৰাজাই। শেহতীয়াকৈ প্ৰাণৰ শিল্পী গৰাকীক লৈ চলি থকা ৰাজনীতি তেওঁ ভালপোৱা নাই। যাৰবাবে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা সকলক সকিয়নী দিলে ৰাজা বৰুৱাই।
সংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ সদৰী কৰে যে, "কোনোবাই যদি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচাৰিলে অসমৰ ৰাইজে এৰি নিদিয়ে আৰু এতিয়া ৰাজনীতি কৰিও একো কৰিব নোৱাৰে জুবিন গাৰ্গ জীয়াই থাকোতেই কোনেও ৰাজনীতিলৈ আনিব নোৱাৰিলে, ৰাজনীতি কৰি একো লাভ নহ'ব, জুবিন গাৰ্গে ন্যায় পাবই লাগিব।"
ইফালে, জুবিন গাৰ্গ জীয়াই থকাৰ অৱস্থাত জুবিন গাৰ্গৰ ওপৰত হোৱা সমালোচনা সমূহৰ সন্দৰ্ভত বহু কথা সদৰি কৰিলে জুবিন গাৰ্গৰ সহযোগী ৰাজা বৰুৱাই। জুবিন গাৰ্গৰ সন্দৰ্ভত এতিয়া গৱেষণা কৰাৰ প্ৰয়োজন আছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ গৱেষণাগাৰ স্থাপন কৰিবলৈ চৰকাৰক দাবী জনালে জুবিনৰ দীৰ্ঘসময়ৰ বাদ্যযন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us