কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনঃ দেশে পাব ৪টা নতুন ৰে'ল পথ...

অচিৰেই দেশে লাভ কৰিব ৪টাকৈ নতুন ৰে'ল পথ। কেন্দ্ৰীয় কেবিনেটে ১২,৩২৮ কোটি টকা ব্যয় সাপেক্ষে ৰে’ল প্ৰকল্পত অনুমোদন জনাইছে। গুজৰাটৰ কুটচত নিৰ্মাণ হ’ব নতুন ৰে’ল লাইন। এই লাইনে দেশপাৰ,

author-image
Asomiya Pratidin
New Update
dddddddddd

ডিজিটেল ডেস্কঃ অচিৰেই দেশে লাভ কৰিব ৪টাকৈ নতুন ৰে'ল পথ। কেন্দ্ৰীয় কেবিনেটে ১২,৩২৮ কোটি টকা ব্যয় সাপেক্ষে ৰে’ল প্ৰকল্পত অনুমোদন জনাইছে। গুজৰাটৰ কুটচত নিৰ্মাণ হ’ব নতুন ৰে’ল লাইন। এই লাইনে দেশপাৰ, হাজিপীৰ, লুনা, ভায়োৰ আৰু লখপত সংযোগ কৰিব।

Advertisment

এই প্ৰকল্পৰ বাবে ব্যয় হ’ব ২৫২৬ কোটি টকা। মাল্টি ট্ৰেকিং প্ৰকল্পৰ ভিতৰত আছে ছেকেণ্ডৰাবাদ-ৱাডী, ভাগলপুৰ-জামালপুৰ আৰু ফুৰকাটিং-নিউ তিনিচুকীয়া পথ। এই প্ৰকল্পসমূহৰ লক্ষ্য হৈছে কেইবাখনো ৰাজ্যৰ পৰিবহণ আৰু সংযোগ উন্নত কৰা।

সমগ্ৰ গুজৰাট, কৰ্ণাটক, তেলেংগানা, বিহাৰ আৰু অসম ৰাজ্যৰ ১৩খন জিলাক সামৰি লোৱা এই চাৰিটা প্ৰকল্পই ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৫৬৫ কিলোমিটাৰ বৃদ্ধি কৰিব।

চৰকাৰে এক বিবৃতিত কয় যে,  সংহত পৰিকল্পনা আৰু অংশীদাৰসকলৰ পৰামৰ্শৰ জৰিয়তে বহু-ম’ডাল সংযোগ আৰু লজিষ্টিক দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি পিএম-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনত এই প্ৰকল্পসমূহৰ পৰিকল্পনা কৰা হৈছে।

কেবিনেট কমিটী অন ইকনমিক এফেয়াৰ্ছ (চিচিইএ)য়ে উল্লেখ কৰে যে প্ৰস্তাৱিত প্ৰকল্পসমূহৰ লক্ষ্য হৈছে কয়লা, কণ্টেইনাৰ, চিমেণ্ট, কৃষি সামগ্ৰী, অটোমোবাইল, পিঅ’এল, আইৰন এণ্ড ষ্টীল আদি সামগ্ৰী পৰিবহণৰ বাবে জটিল পথসমূহত লাইন ক্ষমতা বৃদ্ধি কৰি লজিষ্টিক দক্ষতা বৃদ্ধি কৰা।

নৰেন্দ্ৰ মোদী