/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/5-2.jpg)
ডিজিটেল ডেস্কঃ ৰেল বিভাগৰ মাটি বহিৰাগত বণিকক চমজাই দিয়াৰ পাছত এইবাৰ ৰাজ্যত থকা ৰেল বিভাগৰ অধীনস্থ কেইবাখনো বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰেল কৰ্তৃপক্ষই। এই সন্দৰ্ভত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ হৈ সহকাৰী ব্যক্তিগত বিষয়া প্ৰতিভা সিনহাই সংশ্লিষ্ট বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক-শিক্ষয়ত্ৰীসকললৈ এক জাননী প্ৰেৰণ কৰিছে।
এই জাননীত উল্লেখ কৰা হৈছে যে, ৰেল বিভাগৰ অধীনস্থ ৭খন বিদ্যালয় বন্ধ কৰি দিয়া হব। সেয়েহে এই বিদ্যালয়সমূহত ২০২২-২৩বৰ্ষৰ বাবে কোনো নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন নকৰিবলৈ কোৱা হৈছে। ২০২১-২২ৰ শিক্ষাবৰ্ষ অন্ত পৰা লগে লগে সংশ্লিষ্ট বিদ্যালয়কেইখনত থকা ছাত্ৰ-ছাত্ৰীসকলক ওচৰৰ চৰকাৰী বিদ্যালয়লৈ স্থানান্তৰিতস কৰা হব বুলিও উল্লেখ আছে।
ৰেল বিভাগে বন্ধ কৰিবলৈ ওলোৱা বিদ্যালয় সমূহৰ ভিতৰত আছে- ৰেলৱে হাইস্কুল/ডি এম ভি, ৰেলৱে ডিটিপি স্কুল আদাবাৰী, ৰেলৱে প্ৰাইমেৰী স্কুল পাণ্ডু, ৰেলৱে প্ৰাইমেৰী স্কুল আমিনগাওঁ, ৰেলৱে প্ৰাইমেৰী স্কুল মৰিয়নী, ৰেলৱে ডি টি পি স্কুল, ডি বি আৰ টি, ৰেলৱে প্ৰাইমেৰী স্কুল টি এছ কে, ৰেলৱে ডি টি পি স্কুল বৰচৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/5253a249-344d-49bf-bdaf-714d8ee30c1d-1.jpg)
এই স্কুলকেইখনত অধিকাংশতে অসমীয়া মাধ্যমত পাঠদান কৰা হৈছিল। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰা এই বিদ্যালয় কেইখনত হঠাত বন্ধ কৰি দিয়া সন্দৰ্ভত কোনো কাৰন দৰ্শোৱা নাই। এনেদৰে ৰেল বিভাগে এতিয়া অসম বিদ্বেষী নীতি গ্ৰহণেৰে এই বিভাগৰ অন্তগত বিদ্যালয়সমূহ বন্ধ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা নাই।
নং-ই-২৫২/নম্বৰ যোগে ই অফিচ ফাইল নং ৬৩২২৪যোগে এই নিৰ্দেশ জাৰি কৰা হৈছে। এইকেইখন স্কুল বন্ধ কৰি দিয়াৰ পাছত ইয়াত নিয়োজিত শিক্ষক কৰ্মচাৰীসকলৰ কি হব সেই সন্দৰ্ভতো নিৰ্দেশটোত কোনো কথা উল্লেখ নাইষ