আজিৰে পৰা বৃদ্ধি ৰে'ল টিকটৰ দাম

২৫ ডিচেম্বৰত ৰে'ল মন্ত্ৰালয়ে আনুষ্ঠানিক অধিসূচনা জাৰি কৰি কয়, ২১৫ কিঃমিঃ ওপৰৰ যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত প্ৰতি কিঃমিঃ ত ১ পইচা আৰু নন -এয়াৰ কণ্ডিচনাৰ আৰু এয়াৰ কণ্ডিচনাৰ ক্লাছৰ বাবে প্ৰতি কিঃমিঃ দুই পইচাকৈ টিকটৰ মূল্য বৃদ্ধি কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ আজিৰ পৰা ৰে'ল যাত্ৰা কৰোতে যাত্ৰীসকলে ভৰিব লাগিব অধিক ধন। পূৰ্বৰ তুলনাত ৰে'ল টিকটৰ দাম বৃদ্ধি কৰা হৈছে। কিয়নো ২৫ ডিচেম্বৰত ৰে'ল মন্ত্ৰালয়ে আনুষ্ঠানিক অধিসূচনা জাৰি কৰি কয়, ২১৫ কিঃমিঃ ওপৰৰ যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত প্ৰতি কিঃমিঃ ত ১ পইচা আৰু নন -এয়াৰ কণ্ডিচনাৰ আৰু এয়াৰ কণ্ডিচনাৰ ক্লাছৰ বাবে প্ৰতি কিঃমিঃ দুই পইচাকৈ টিকটৰ মূল্য বৃদ্ধি কৰা হৈছে।

images (15)

উল্লেখ্য় যে,  ২১ ডিচেম্বৰত ৰে'ল মন্ত্ৰালয়ে  ঘোষণা কৰিছিল- ২৬ ডিচেম্বৰৰ পৰা এই নতুন ভাড়া কাৰ্যকৰী কৰা হ'ব। এবছৰৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে যাত্ৰীবাহী ৰে'লৰ ভাড়া বৃদ্ধি হৈছে। ইয়াৰ পূৰ্বে জুলাইত হৈছিল বুলিও কয়। লগতে ৰে'ল মন্ত্ৰালয়ে উল্লেখ কৰা অনুসৰি ২১৫ কিঃমিঃ পৰ্যন্ত যাত্ৰীৰ বাবে দ্বিতীয় শ্ৰেণীৰ সাধাৰণ ভাড়া বৃদ্ধি কৰা হোৱা নাই।

images (13)

ইপিনে ৰাজধানী, শতাব্দী, দুৰন্তো, বন্দে ভাৰত, তেজছ, হমছফৰ,অমৃত ভাৰত, গৰীব ৰথ, জন শতাব্দী, অন্তোদয়, গতিমান, যুৱ এক্সপ্ৰেছ, নমো ভাৰত ৰেপিড ৰে'লৰ লগতে অন্য বিশেষ ৰে'লত শ্ৰেণী অনুসৰি ভাড়া বৃদ্ধি হ'ব। ৰিজাৰ্ভেশ্যন শুল্ক, চুপাৰফাষ্ট চাৰ্জ আদিত কোনো সাল-সলনি নহয়। ইপিনে জি এছ টিও পূৰ্বৰ দৰে একেই  থাকিব। সংশোধিত ভাড়া আজিৰ পৰা বা আজি পাছত যিসকলে ৰে'লৰ টিকট বুকিং কৰিছে তেওঁলোকৰ ক্ষেত্ৰত টিকটৰ মূল্য বৃদ্ধি প্ৰযোজ্য হ’ব।

images (14)

ৰেল মন্ত্ৰণালয়