/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/4.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ অভাৰব্ৰীজৰ তলত আজি বিয়লি ৩:২৫ মান বজাত ৰে'ল দূৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয় । উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰে'ল গাড়ীৰ খুন্দাত যুৱকজনৰ মূৰটো ছিন্ন হৈ পৰে । নিহত যুৱকজনক সদৰ চহৰৰ ৬ নং ৱাৰ্ডৰ বাসিন্দা নুৰুল হালদাৰৰ সন্তান মফিজুল হালদাৰ (৩৮) বুলি চিনাক্ত কৰা হৈছে । যুৱকজনে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us