/asomiyapratidin/media/media_files/2026/03/02/212-2026-03-02-16-22-24.jpg)
ডিজিটেল ডেস্ক : আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে প্ৰদেশ কংগ্ৰেছৰে মিত্ৰতা কৰিব ৰাইজৰ দলে। সোমবাৰে এই কথা সদৰী কৰে দলটোৰ নেতৃবৰ্গই।
উল্লেখ কৰা প্ৰয়োজন যে, ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত বিয়লি ৩-০০ বজাত এখনি সংবাদমেল সম্বোধন কৰি ভাস্কো ডি শইকীয়াই কয়- আমি ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিলো, আছো আৰু থাকিম। কিন্তু এইকেইদিন মিত্ৰতাকেন্দ্ৰিক কিছুমান ধুসৰ ছবি অসমবাসী ৰাইজৰ মাজলৈ গৈ আছে। সেয়ে আমি কিছুমান কথা স্পষ্ট কৰি দিয়াৰ বাবে আজিৰ এই সংবাদমেলৰ আয়োজন কৰিছো।
তেওঁ লগতে কয়- ৰাইজৰ দলৰ দলীয় সিদ্ধান্ত অনুসৰি বিগত ৩/৪ দিন দলৰ সভাপতি অখিল গগৈক প্ৰমুখ্য কৰি আমাৰ দলৰ কোনেও মিত্ৰতা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য ৰাজহুৱা অথবা সংবাদ মাধ্যমত দিয়া নাই। কিন্তু আমি দেখা পাইছো যে, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য দাঙি ধৰি কৈছে যে, কংগ্ৰেছ দলৰ পৰা ৰাইজৰ দলক এটা ভাল প্ৰস্তাৱ দিয়া হৈছে। কংগ্ৰেছে ৰাইজৰ দলৰ উত্তৰৰ বাবে বাট চাই আছে আৰু মিত্ৰতাৰ বল এতিয়া ৰাইজৰ দলৰ ক’ৰ্টত।
গৌৰৱ গগৈৰ এই বক্তব্য সন্দৰ্ভত ভাস্কো ডি শইকীয়াই স্পষ্ট কৰি দি কয় যে, গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কোৱা এই ভাল প্ৰস্তাৱটো হৈছে- ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা ৪খন আসনহে পোনপোটীয়াভাৱে ৰাইজৰ দলক দিয়া হৈছে। আমি ৰাজনৈতিক কুচকাৱাজ চলায়ো কেৱল মিত্ৰতা আৰু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতহে সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছো।
সেই অনুসৰি আমি প্ৰথমে কংগ্ৰেছ দলৰ নেতৃত্বক এখন ২৭জনীয়া সমষ্টিৰ তালিকা দাখিল কৰিছিলো। পৰৱৰ্তী সময়ত এই তালিকা ২২খনলৈ সীমিত কৰিছিলো। তেতিয়া তেওঁলোকে জনাইছিল যে, ৰাইজৰ দলক ২২খন আসন এৰি দিবলৈ কংগ্ৰেছৰ অসুবিধা হ’ব। তাৰ পাছত ৰাইজৰ দলে কৰ্ণধাৰ সমিতি গঠন কৰি পুনৰ ১৮ জনীয়া তালিকা প্ৰেৰণ কৰি তাৰ পৰা ১৫টা সমষ্টি বিচৰাৰ কথা অৱগত কৰে সংবাদমেলত।
এই সন্দৰ্ভত হোৱা আলোচনা মৰ্মে ১৯ ফেব্ৰুৱাৰীত গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, প্ৰদ্যুত বৰদলৈ, ৰকিবুল হুছেইন আৰু ৰিপুণ বৰাৰ উপস্থিতি এক বৈঠক অনুষ্ঠিত কৰা হৈছিল। এই বৈঠকৰ আলোচনা মৰ্মে ৪টা সমষ্টিত পোনপোটীয়া প্ৰতিদ্বন্দ্বিতা আৰু আন ৪টা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ৰাইজৰ দলক প্ৰস্তাৱ আগবঢ়াইছিল প্ৰদেশ কংগ্ৰেছে।
তাৰোপৰি এই ১৮জনীয়া সমষ্টিৰ তালিকাৰ বাহিৰৰ পৰা আন ৫টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে কংগ্ৰেছে ৰাইজৰ দলক প্ৰস্তাৱ দিয়াৰ কথা আজিৰ সংবাদমেলত উল্লেখ কৰে। আজিৰ এই সংবাদমেলত ইয়াকো কয় যে, ২৬ ফেব্ৰুৱাৰীত যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই দলৰ সভাপতি অখিল গগৈক সাক্ষাৎ কৰিছিল। এই বৈঠকত বিশিষ্ট অধিবক্তা তথা অসম নাগৰিক সম্মিলনৰ শান্তনু বৰঠাকুৰ ডাঙৰীয়াও উপস্থিত আছিল।
তেখেতসকলৰ পৰামৰ্শ অনুসৰি মিত্ৰতাৰ স্বাৰ্থত, বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি কেৱল আমাৰ দলে বিচাৰি থকা আসনৰ পৰা আৰু কেৱল এখন আসন এৰি দিয়াৰ প্ৰস্তাৱ তেখেতসকলৰ জৰিয়তে আগবঢ়াও। আজিৰ তাৰিখত কংগ্ৰেছ দলৰ লগত ৰাইজৰ দলৰ কেনো প্রত্যক্ষ আলোচনা চলি থকা নাই। কিন্তু যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই জনোৱা মতে আলোচনা চলি আছে, আলোচনা যোগাত্মক বুলিও কৈ আছে। কিন্তু কোনো ধৰণৰ নিশ্চিত যোগাত্মক খবৰ আমি পোৱা নাই।
ৰাইজৰ দলে সেয়ে প্রশ্ন উত্থাপন কৰে মিত্ৰতাৰ বল এতিয়া আচলতে কাৰ কৰ্টত? ৰাইজৰ দলৰ কৰ্টত নে কংগ্ৰেছৰ কৰ্টত? ৰাইজৰ দলে মিত্রতাকেন্দ্রিক অচলাৱস্থাত দলে কি কৰা উচিত, তাক লৈ অসমবাসী ৰাইজৰ পৰামৰ্শ বিচাৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us