জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কাইলৈৰ পৰা ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী...

অভিযুক্ত সকলক চৰকাৰখনে কৰায়ত্ব কৰাৰ অক্ষমতা লুকুৱাবলৈ মুখ্যমন্ত্রীয়ে কৈছে ন্যায় দিব নোৱাৰিলে ২০২৬ত বিজেপি ক ভোট দিব নালাগে বুলি উফাইদাং মাৰি চতুৰ ৰাজনীতি কৰাৰ চেষ্টা কৰিছে।

author-image
Asomiya Pratidin
New Update
new ap web 4 (8)

ডিজিটেল সংবাদ,গুৱাহাটীঃ  আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছো যে বৰ্তমান সময়ৰ সবাতোকৈ জনপ্রিয় শিল্পী আৰু যুৱ সমাজৰ মুখপাত্রস্বৰূপ জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ১১ দিনৰ পাছতো অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰা হোৱা নাই বৰঞ্চ ং 

অভিযুক্ত সকলক চাৰ্ছ অপাৰেচন কৰি আটক কৰাৰ পৰিৱৰ্তে দীঘলীয়া সময়ৰ বিৰতি দি কেৱল জাননীহে জাৰি কৰিছে। এবাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ এজন মূল অভিযুক্ত সিদ্ধার্থ শৰ্মাক এৰি দিয়াৰ পাছত আনজন মূল অভিযুক্ত শ্যামকানু মহন্তক কৰায়ত্ব কৰিবলৈ Red Corner নটিছ জাৰি কৰাৰ পৰিৱৰ্তে লুক আউট নটিছহে জাৰি কৰিছে।

তদন্তৰ ৰেহ-ৰূপ পর্যবেক্ষণ কৰি এনেকুৱা অনুমান হৈছে যে তদন্তৰ সময় পৰিকল্পিতভাৱে দীঘলীয়া কৰি আমাৰ প্রিয় শিল্পী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ প্ৰতিক্রিয়া শাম কটাবলৈ চেষ্টা কৰা হৈছে। ৬ অক্টোবৰলৈকে পূজাৰ সময়খিনি চৰকাৰে সদব্যৱহাৰ কৰি ৰহস্যজনক মৃত্যুৰে প্ৰতিক্ৰিয়াৰ প্ৰভাৱ কমাব বিচৰা হৈছে।

চৰকাৰে শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্রাদ্ধ পতাৰ নামত জনতাৰ মাজত চৰকাৰখনৰ প্ৰতি জনতাৰ মাজত চৰকাৰখনৰ প্ৰতি ৰাইজৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা ক্ষোভআৰু অসন্তুষ্টি লাঘৱ কৰাৰ কৌশলী চেষ্টা কৰিছে। অভিযুক্ত সকলক চৰকাৰখনে কৰায়ত্ব কৰাৰ অক্ষমতা লুকুৱাবলৈ মুখ্যমন্ত্রীয়ে কৈছে ন্যায় দিব নোৱাৰিলে ২০২৬ত বিজেপি ক ভোট দিব নালাগে বুলি উফাইদাং মাৰি চতুৰ ৰাজনীতি কৰাৰ চেষ্টা কৰিছে।

কাৰ্যতঃ চৰকাৰখনে এই ঐতিহাসিক ৰহস্যজনক মৃত্যুৰে ঘটনাৰ অভিযুক্তসকলক আটক কৰাত ব্যৰ্থ হৈছে অথবা ইচ্ছাকৃতভাৱে আটক নকৰি ঘটনাৰ প্ৰতিক্রিয়া শাম কটাবলৈ দীঘলীয়া পৰিকল্পনা ৰচনা কৰিছে। আমি উদ্বেগেৰে সৈতে লক্ষ্য কৰিছো CAA বিৰোধী আন্দোলনক বিজেপি চৰকাৰখনে অতি কৌশলেৰে বশীভূত কৰাৰ দৰে শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত উদ্ভৱ হোৱা ক্ষোভৰ বিস্ফোৰণক একে কূট কৌশলেৰে মষিমূৰ কৰিবলৈ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

এনে প্রেক্ষাপটত আজি ৰাইজৰ দলৰ গুৱাহাটীত বহা জৰুৰী কৰ্ণধাৰ সমিতিৰ বৈঠকত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি এলানি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। সেই কার্য্যসূচী সমূহ হ'ল-

(১) জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত মূল অভিযুক্তসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰা, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত CBI ৰ হাতলৈ হস্তান্তৰ কৰা আৰু এই ঘটনাৰ সৈতে জড়িত সকলো অর্থনৈতিক অপৰাধৰ সূক্ষ্মতিসূক্ষ্ম তদন্ত কৰিবলৈ ED ৰ তদন্ত ঘোষণা কৰাৰ দাবীত আৰু অসমৰ মাননীয় ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰি, ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান কৰা।

(২) কাইলৈৰ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলীত এক অ-নির্দিষ্টকালীন অৱস্থান ধৰ্মঘটত বহিব আৰু মূল অভিযুক্তসকল গ্ৰেপ্তাৰ নকৰালৈকে এই কার্য্যসূচী অব্যাহত থাকিব।

(৩) শিল্পী জুবিন গাৰ্গৰ আকস্মিক আৰু ৰহস্যজনক মৃত্যুৰ ঘটনাত ৰাজ্যখনত উদ্ভৱ হোৱা অকল্পনীয় ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতি সম্পৰ্কত গভীৰ আলোচনা কৰি এক সমাধানৰ পথ উলিয়াবলৈ অসমৰ সকলো বিৰোধী ৰাজনৈতিক দলক আমন্ত্ৰণ কৰি এখন সভা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

আনহাতে, অতি শেহতীয়াকৈ পোৱা তথ্য অনুসৰি গায়ক অজয় ফুকন আৰু প্ৰতিবাদী যুৱক ভিক্টৰ দাসক NSA ত গ্ৰেপ্তাৰ কৰা কথাটোৱে প্ৰমাণ কৰিলে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচৰাটো এতিয়া চৰকাৰৰ দৃষ্টিত ৰাষ্ট্ৰদ্রোহ। আমি চৰকাৰৰ এই সিদ্ধান্তৰ তীব্র নিন্দা কৰিছো। অজয় ফুকন আৰু ভিক্টৰ দাসক বিনাচর্তে মুক্তি দিবলৈ দাবী জনাইছো।

জুবিন গাৰ্গ অখিল গগৈ