ৰাইজৰ দলৰ সংখ্যালঘু কোষৰ অভিৱৰ্তন উপলক্ষে বিশাল গণ সমাৱেশ...

মঙলবাৰে ৰাইজৰ দলৰ সংখ্যালঘু কোষৰ অভিৱৰ্তন উপলক্ষে অনুষ্ঠিত বিশাল গণ সমাৱেশৰ অন্ত পৰে। বহু কেইটা সংকল্পৰে আজিৰ এই গণ সমাৱেশৰ অন্ত পেলায় ৰাইজৰ দলে। 

author-image
Asomiya Pratidin
New Update
himantavsakhil

ডিজিটেল ডেস্কঃ মঙলবাৰে ৰাইজৰ দলৰ সংখ্যালঘু কোষৰ অভিৱৰ্তন উপলক্ষে অনুষ্ঠিত বিশাল গণ সমাৱেশৰ অন্ত পৰে। এই সমাৱেশৰ অন্ত পৰে সকলো জাতি-ধর্ম-বৰ্ণৰ মানুহে শান্তিৰে বসবাস কৰিব পৰা এখন ধৰ্মনিৰপেক্ষ আৰু সম্প্ৰীতিৰ অসম পুনৰ ঘূৰাই আনিবলৈ, মূল্যবৃদ্ধিৰ বোজাৰ পৰা অসমৰ জনগণক মুক্ত কৰিবলৈ আৰু অসমৰ ধ্বংস হোৱা সকলো ব্যৱসায়-বাণিজ্য পুনৰ উদ্ধাৰ কৰি অসমক পুনৰ অর্থনৈতিকভাবে টনকিয়াল কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক উফৰাই পেলোৱাৰ কোনো বিকল্প নাই। 

লগতে শান্তি আৰু সম্প্ৰীতিৰ অসম গঢ়িবলৈ, ধর্মীয় অশান্তি নাইকিয়া কৰিবলৈ আৰু অসমবাসীক এখন ভয়মুক্ত অসম প্রদান কৰিবলৈ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত হিন্দু সাম্প্রদায়িক দল বিজেপিৰ চৰ্দাৰ হিমন্ত বিশ্ব শর্মা আৰু মুছলমান সাম্প্রদায়িক দল এআইইউডিএফৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমলক ব্রহ্মপুত্ৰত বিসর্জন দিব লাগিব। এই সংকল্পৰে আজিৰ এই গণ সমাৱেশৰ অন্ত পেলায় ৰাইজৰ দলে। 

নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ দ গাঁও আঞ্চলিক খেলপথাৰত মঙলবাৰে হাজাৰ হাজাৰ নাগৰিকে ২০২৬ চনৰ বিধানসভা নির্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দল নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ গঠনৰ সংকল্প গ্রহণ কৰে। 

নগাঁও জিলাৰ ৰাইজৰ দলৰ সভাপতি ৰাজু বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সভাৰ বিষয়বস্তু উত্থাপন কৰে ৰাইজৰ দলৰ সংখ্যালঘু কোষৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিবজুৰ ৰহমানে, মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে দলৰ সভাপতি অখিল গগৈয়ে আৰু নির্দিষ্ট বক্তাৰূপে অংশগ্রহণ কৰে সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে। 

মুখ্য অতিথিৰূপে অংশগ্রহণ কৰি ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে গণ সমাৱেশত কয় যে- হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমক ভাৰতৰ শ্রেষ্ঠ ৰাজ্য কৰাৰ প্রতিশ্রুতি প্রদান কৰি ইতিবাচক দিশত একোতেই শ্রেষ্ঠ সজাব নোৱাৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ কার্যকালত অসম শ্রেষ্ঠ হ'ল সংবিধান বহির্ভূত ভুৱা এনকাউণ্টাৰ কৰি ভাৰতৰ এক নম্বৰ ৰাজ্যত পৰিণত হ'ল। যোৱা ৫ বছৰত হিমন্ত বিশ্ব শর্মাই পুলিচে ধৰি নিয়া ৮০ জন অভিযুক্তক গুলীয়াই হত্যা কৰি তেওঁৰ হাত ৰাঙলী ফৰাৰ লগতে ২৮৩ জন মানুহক পুলিচৰ জিম্মাত গুলীয়াই চিৰদিনৰ কাৰণে ঘুনীয়া কৰি পেলালে। 

দেশৰ সংবিধান আৰু গণতন্ত্রক উলাই কৰি এক স্বেচ্ছাচাৰী অসম গঢ়ি তুলিলে য'ত এজন সাধাৰণ নাগৰিকে ফেচবুকত এটা কবিতা লিখিলেও জেললৈ যাব লাগে। ৰাজ্যৰ জনগণৰ কণ্ঠ ৰোধ কৰা হিমন্ত বিশ্ব শর্মা চৰকাৰখনক গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থতে ব্ৰহ্মপুত্ৰত বিসর্জন দিব লাগিব বুলিও কয় গগৈয়ে। 

তেওঁ কয়- আজি অসম ভাৰতৰ চতুৰ্থখন দৰিদ্ৰ ৰাজ্য। আজি অসমৰ মাধ্যমিক বিদ্যালয়ত ছাত্র-ছাত্রীয়ে স্কুল এৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ এক নম্বৰ ৰাজ্য। শিশুক জন্ম দিওতে মাতৃৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত দেশৰ প্ৰথম ৰাজ্য অসম আৰু শিশুৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ তৃতীয় ৰাজ্য অসম। ঠিক একেদৰে বস্তুৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰতো অসম ভাৰতৰ এক নম্বৰ ৰাজ্য, বিশেষকৈ বিদ্যুৎ আৰু ইন্ধনৰ ক্ষেত্ৰত। 

অখিল গগৈয়ে কয় যে- হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত অসমৰ সৰ্বকালৰ এজন শ্রেষ্ঠ সন্তান জুবিন গাৰ্গক হত্যা কৰা হ'ল। জুবিন গাৰ্গৰ ন্যায় প্রাপ্তিত হিমন্ত বিশ্ব শর্মাই যিমান বাধা আৰোপ কৰিলে কেৱল সেই কাৰণেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ২০২৬ চনৰ অসমৰ ৰাইজে ক্ষমতাচ্যুত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ সবাতোকৈ বেছি ধাৰ লোৱা মুখ্যমন্ত্রী। 

‘তৰুণ গগৈ চৰকাৰৰ কাৰ্যকাল পর্যন্ত অর্থাৎ ৩১ মার্চ, ২০১৬ চনলৈ স্বাধীনতাৰ ৫৯ বছৰত অসমে সৰ্বমুঠ ধাৰ লৈছিল ৪২,০০০ কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ ৩১ মার্চ, ২০২৫ পর্যন্ত অসমৰ ধাৰ হ'লগৈ ১,৭৭,০০০ কোটি টকা। ২০২৬ চনৰ ৩১ মাৰ্চত অসমৰ মুঠ ঋণ হ'বগৈ ২,৩০,০০০ কোটি টকা। অর্থাৎ হিমন্ত বিশ্ব শর্মাই বিত্তমন্ত্রী আৰু মুখ্যমন্ত্রী হিচাপে ১০ বছৰত প্রায় ১,৯০,০০০ কোটি টকা ধাৰ লৈ অভিলেখ সৃষ্টি কৰিলে। হিমন্ত বিশ্ব শর্মা হৈ পৰিল অসমৰ আটাইতকৈ বেছিকৈ ধাৰ লোৱা মুখ্যমন্ত্রী।’- অখিল গগৈ।

লগতে গগৈয়ে কয়- অভূতপূর্ব ঋণ লৈও তেওঁ অসমৰ কোনো পৰিৱৰ্তন আনিব নোৱাৰিলে। প্রায় ২ লাখ কোটি টকা ধাৰেৰে তেওঁ কেইখনমান অভাৰত্ৰীজ বনালে, ব্ৰহ্মপুত্র নদীৰ পাৰত দুখন পার্ক বনালে আৰু বনালে কেইটামান মথাউৰি। তেওঁৰ উন্নয়নৰ মডেলটোৱে হ'ল ১,২৫০ টকাৰ হিতাধিকাৰী আঁচনিৰ অৰুণোদয় মডেল। কিন্তু প্রকৃত উন্নত এখন অসম গঢ়িবলৈ তেওঁৰ কোনো মডেল তৈয়াৰ কৰিব নোৱাৰিলে। 

বিধায়কগৰাকীয়ে ইয়াৰ উপৰি কয় যে- অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য কৰিবলৈ হিন্দু-মুছলমানৰ সাম্প্রদায়িক ৰাজনীতি ত্যাগ কৰিব লাগিব, গঢ়ি তুলিব লাগিব ভয়মুক্ত এখন উৎপাদনশীল অসম। সেইবাবেই ৰাইজৰ দলে "আমাৰ সপোনৰ অসমখন" নামেৰে এক নতুন অসমৰ আৰ্হি প্ৰস্তুত কৰা বুলি অখিল গগৈয়ে সভাত জানিবলৈ দিয়ে। 

গগৈয়ে কয়- তেওঁলোকৰ নতুন অসমৰ আর্হিটোত ৫ টা খুঁটা থাকিব- ১) বছৰৰ সকলো সময়তে খেতি, ২) খেতিয়কৰ উৎপাদিত সকলো ফচলবে ন্যূনতম সমর্থন মূল্য। ৩) প্রতিখন গাঁৱত একোটাকৈ উদ্যোগ স্থাপন কৰি নিবনুৱামুক্ত অসম। ৪) প্রতিটো কামতে পেছাদাৰী প্রশিক্ষণেৰে পেছাদাৰী অসম আৰু পূৱৰ দুৱাৰ খুলি অসমক দক্ষিণ পূৱ এছিয়াৰ বাণিজ্যৰ দুৱাৰমুখৰূপে গঢ়ি তোলা। 

‘যেতিয়ালৈকে অসমীয়াই এখন পেছাদাৰী অসম গঢ়ি তুলিবলৈ সংকল্প নল'ব আৰু ভেকুলীৰ বিয়া পতা বন্ধ কৰি বছৰৰ সকলো সময়তে খেতি কৰিব পৰাকৈ জলসিঞ্চনৰ ব্যৱস্থা নকৰিব তেতিয়ালৈকে কেৱল ১,২৫০ টকীয়া অৰুণোদয় হিতাধিকাৰীৰে অসমৰ অর্থনৈতিক সমস্যাৰ সমাধান কৰাটো অসম্ভৱ।’- বুলিও কয় গগৈয়ে।

বিয়লি দুই বজাৰ পৰা অনুষ্ঠিত এই বিশাল গণসমাৱেশখনত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে গণসমাৱেশত উপস্থিত থকা হাজাৰ হাজাৰ জনতাক ২০২৬চনৰ বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপি আৰু এআইইউডিএফক ভোট নিদিবলৈ শপত বাক্য পাঠ কৰোৱাই।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ