ৰাইজৰ দলৰ কোনে, ক’ত পাব টিকট...

কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ নিমিলা অংকৰ পাছত ৪মাৰ্চ, ২০২৬ৰ দিনৰ ৩বজাত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব ৰাইজৰ দলে। দলৰ কৰ্ণধাৰ বৈঠক শেষ হোৱাৰ পাছতে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব ৰাইজৰ দলে। অসমীয়া

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ নিমিলা অংকৰ পাছত ৪মাৰ্চ, ২০২৬ৰ দিনৰ ৩বজাত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব ৰাইজৰ দলে। দলৰ কৰ্ণধাৰ বৈঠক শেষ হোৱাৰ পাছতে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব ৰাইজৰ দলে। অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰা খবৰ অনুসৰি, আজি ১২-১৫টা সমষ্টিক লৈ প্ৰথমখন তালিকা প্ৰকাশ কৰিব ৰাইজৰ দলে।

প্ৰাপ্ত খবৰ অনুসৰি, শিৱসাগৰত অখিল গগৈৰ বাদে মৰিয়নীত জ্ঞানশ্ৰী বৰা, চিচিবৰগাঁৱত দুলাল চন্দ্ৰ বৰুৱাক প্ৰাৰ্থিত্ব দিয়াতো একপ্ৰকাৰৰ নিশ্চিত। ইয়াৰ বিপৰীতে আজিৰ তালিকাত মন্দিয়া সমষ্টিৰ বাবে শ্বেৰমান আলী, পশ্চিম গোৱালপাৰা সমষ্টিৰ বাবে আব্দুল ৰছিদ মণ্ডলৰ নামো থাকিব।

ইফালে মাৰ্ঘেৰিটা সমষ্টিৰ বাবে ৰাইজৰ দলৰ পৰা ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰখা ৰাহুল চেত্ৰীৰ নামো এই তালিকাত থাকিব পাৰে। নাওবৈচাঁ সমষ্টিৰ বাবে হৰিকান্ত দাসক ইতিমধ্যেই প্ৰাৰ্থী হিচাপে অনানুষ্ঠানিক ঘোষণা কৰিছে সভাপতি অখিল গগৈয়ে। গতিকে নাওবৈচা সমষ্টিৰ প্ৰাৰ্থীৰ নামো থাকিব প্ৰথমখন তালিকাত। 

এনেকৈয়ে উজনি আৰু নামনিৰ প্ৰায় ১২-১৫টা সমষ্টিৰ প্ৰাৰ্থীক লৈ ৰাইজৰ দলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব। কংগ্ৰেছে মিত্ৰতাৰ আলোচনা চলি থাকোতেই ৰাইজৰ দলে বিচৰা ৪-৫টা সমষ্টিত ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাইজৰ দলে জৰুৰী কৰ্ণধাৰ সমিতিৰ বৈঠক আহ্বান কৰি ঘোষণা কৰিব প্ৰথমখন প্ৰাৰ্থীৰ তালিকা।

অখিল গগৈ... অখিল গগৈ