বিটিচি পৰিষদীয় নিৰ্বাচন : বড়োভূমিত প্ৰৱেশ ৰাইজৰ দলৰ

ক্ৰমাৎ আকৰ্ষণীয় হৈছে বিটিআৰৰ ৰাজনীতি । এক মিনিট সময়ো অপব্যয় নকৰি ৰাজনৈতিক দলসমূহে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ ।

author-image
Asomiya Pratidin
New Update
295

ডিজিটেল সংবাদ, বাক্সা : ক্ৰমাৎ আকৰ্ষণীয় হৈছে বিটিআৰৰ ৰাজনীতি । এক মিনিট সময়ো অপব্যয় নকৰি ৰাজনৈতিক দলসমূহে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ ।

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বড়োভূমিত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিছে ৰাইজৰ দলে । বুধবাৰে বাক্সা জিলাৰ থমনাত ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অশ্চিনী দাসৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় ।

কাৰ্যালয়টো মাংগলিক নিয়মৰ মাজেৰে ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হৰেশ্বৰ বৰ্মনে । তেওঁ ৰাইজৰ দলে ৰাজনৈতিক প্ৰস্তুতি তুংগত ৰখা বুলি কৈ বিগত সময়ত বিটিআৰত অন্যান্য ৰাজনৈতিক দলসমূহে দিয়া অভিজ্ঞতাৰ প্ৰত্যুত্তৰ স্বৰূপে বিটিআৰবাসীয়ে ৰাইজৰ দলক আকোঁৱালি ল'ব বুলি মত ব্যক্ত কৰে । 

raijor dol baksa btr