যুৱৰাজ হৈয়ে থাকিল ৰাহুল! প্ৰিয়ংকা গান্ধীৰ ঘৰলৈহে আহিল বোৱাৰী...

গান্ধী পৰিয়ালত বহুতে বিচাৰি থকা বিয়াখন নহ’লেও শেহতীয়াকৈ এখন বিয়াই বিশেষ চৰ্চা লাভ কৰিছে। সকলোৱে বিচাৰিছিল ২০২৫ত ৰাহুল গান্ধীয়ে সংসাৰ কৰক, কিন্তু সেয়া হৈ নুঠিল।

author-image
Asomiya Pratidin
New Update
udjdj

ডিজিটেল ডেস্কঃ গান্ধী পৰিয়ালত বহুতে বিচাৰি থকা বিয়াখন নহ’লেও শেহতীয়াকৈ এখন বিয়াই বিশেষ চৰ্চা লাভ কৰিছে। সকলোৱে বিচাৰিছিল ২০২৫ত ৰাহুল গান্ধীয়ে সংসাৰ কৰক, কিন্তু সেয়া হৈ নুঠিল। তাৰ পৰিৱৰ্তে ৰাহুল গান্ধীৰ ভাগিন তথা প্ৰিয়ংকা গান্ধীক পুত্ৰৰ বিবাহ অনুষ্ঠানৰ আয়োজন বছৰৰ শেষত ধুমধামেৰে চলিছে।

d62e3f74-2b94-4e8b-8f3d-3852fe4375fa

প্ৰিয়ংকা গান্ধী আৰু ৰৰ্বাট ৱাদ্ৰাৰ পুত্ৰ ৰেহান ৰাজীৱ ৱাদ্ৰাৰ বিয়াৰ প্ৰস্তুতি চলিছে ৰাজস্থানত। ইতিমধ্যে বিয়াৰ প্ৰাৰম্ভিক নীতি-নিয়ম হৈ গৈছে। বিয়াৰ বাকীখিনি কাম সম্পন্ন হ’ব ৰাজস্থানত। পৰিয়াল আৰু অতিকৈ ঘনিষ্ঠ কম সংখ্যক  লোকৰ উপস্থিতিত সম্পন্ন হ’ব এই বিবাহ অনুষ্ঠান।

bef53278-98c0-4fc2-92a1-a527e34ce3b1

ইতিমধ্যে ৰাজস্থানত উপস্থিত হৈছে গান্ধী পৰিয়ালৰ সকলো সদস্য। আইতাক ছোনিয়া গান্ধী, মোমায়েক ৰাহুল গান্ধীৰ লগতে দৰা-কইনাৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকসকল উপস্থিত হৈছে ৰাজস্থানত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, সাত বছৰ সম্পৰ্কত থকাৰ পিছত আবিবা বেগৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে প্ৰিয়ংকা গান্ধীৰ পুত্ৰ ৰেহান।

353161df-fa6b-4f26-8c31-f26b71eb4e95

২জানুৱাৰী, ২০২৬ৰ লৈকে চলিব এই বিবাহ অনুষ্ঠান। প্ৰিয়ংকাৰ হ’বলগীয়া বোৱাৰী আবিবা বেগ হৈছে এগৰাকী পেশাদাৰী ফটোগ্ৰাফাৰ। দিল্লীৰ নিৱাসী আবিবা হৈছে গণসংযোগ আৰু সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।  Atelier 11 নামৰ এটা কোম্পানীৰো স্বত্তাধিকাৰী হৈছে আবিবা।

6694a1ba-0c69-4201-a629-3e795f2cec18

ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী