/asomiyapratidin/media/media_files/2025/11/18/1-2025-11-18-13-53-05.jpg)
ডিজিটেল ডেস্কঃ লালকিল্লাৰ সমীপত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত নাম সাঙোৰ খোৱা হাৰিয়ানাৰ আল-ফালাহ বিশ্ববিদ্যালয়ত ব্যাপক অভিযান চলাই ইডিয়ে। বিশ্ববিদ্যালয়ৰ চৌহদ, ট্ৰাষ্টীসকল, সম্পৰ্কিত প্ৰতিষ্ঠানসমূহত ইডিয়ে চালাচী চলায়।
তাৰোপৰি দিল্লীৰ ওখলা আৰু জামিয়া নগৰসহ ২৫টা স্থানত অভিয়ান অব্যাহত ৰাখিছে ইডিয়ে। জানিব পৰা মতে,আল-ফালাহ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰো অভিযোগ উত্থাপিত হৈছে। ইডিয়ে ইয়াৰ পুঁজিৰ উৎস আৰু লেনদেনৰ তদন্ত আৰম্ভ কৰিছে।
বিস্ফোৰণ কাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা কেইবাজনো অভিযুক্ত বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত। এই তথ্যৰ ভিত্তিতে অভিযান চলাই ইডিয়ে। উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই বিস্ফোৰণৰ ঘটনাক সন্ত্ৰাসবাদী কাৰ্য্য হিচাপে ঘোষণা কৰাৰ পিছতে নিয়াই উক্ত গোচৰটো গ্ৰহণ কৰি অভিযান আৰম্ভ কৰিছিল।
নিয়াৰ তদন্তৰ পাথকে এই বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰো অভিযোগ উত্থানপন হয়। ইয়াৰ পিছতে ইডিয়ে বিশ্ববিদ্যালয়খনৰ পুঁজিৰ তদন্ত কৰা লগতে অভিযান অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us