ৰাইদঙীয়া ফুটবল লীগ-২০২৫ আৰম্ভঃ উদ্বোধনী মেচত জয়ী লাইন্স ক্লাৱ পাচআলি

নগাঁও জিলাৰ অগ্ৰণী ক্ৰীড়া সংস্থা ৰাইদঙীয়া আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত কৰচুং শ্বহীদ স্মৃতি খেলপথাৰত আজিৰে পৰা অনুষ্ঠিত হৈছে ৰাইদঙীয়া ফুটবল লীগ-২০২৫৷

author-image
Tushar Pratim
New Update
FOOTBLL 07

ডিজিটেল সংবাদ নগাওঁ: নগাঁও জিলাৰ অগ্ৰণী ক্ৰীড়া সংস্থা ৰাইদঙীয়া আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰে পৰা অনুষ্ঠিত হৈছে ৰাইদঙীয়া ফুটবল লীগ-২০২৫৷ পুষ্পেন্দ্ৰ ৰাজা আৰু সোমনাথ শইকীয়া সোঁৱৰণী ফুটবল লীগ আজি বৰিবজাৰস্থিত কৰচুং শ্বহীদ স্মৃতি খেলপথাৰত শুভাৰম্ভ কৰা হয়৷ 

বিশিষ্ট সমাজকৰ্মী তথা ক্ৰীড়া প্ৰেমী ধীৰ সিং পাটৰে ফুটবল লীগ উদ্বোধন কৰে৷ দুটা গ্ৰুপ ‘এ’ গ্ৰুপত তিনিটা দল লাইন্স ক্লাৱ পাঁচআলি, কেবিএছএম ফুটবল দল, বৰ ৰাইদঙীয়া এফচি দল থাকিব৷ 

আনহাতে ‘বি’ গ্ৰুপত ৰাইজিং টাইটানছ, টাইগাৰ্ছ এফচি, লাংখুই এফচি আৰু মিলিজুলি এফচি থাকিব৷ আজি উদ্বোধনী মেচত লাইন্স ক্লাৱ পাচআলি আৰু কেবিএছএম ফুটবল দলৰ মাজত অনুষ্ঠিত হয়৷ 

উত্তেজনাপূৰ্ণ খেলখন ৫-১ গ’লত সমাপ্তি হয়৷ সুন্দৰ প্ৰদৰ্শন কৰি চাৰি গলৰ ব্যৱধানত জয়ী হয় লাইন্স ক্লাৱ পাচআলি৷ খেলখন পৰিচালনা কৰে ৰেফাৰী প্ৰমোদ কুমাৰ দাসে৷

ফুটবল