/asomiyapratidin/media/media_files/2026/02/28/science-day-newsss-2026-02-28-13-44-12.jpg)
ডিজিটেল সংবাদ, ৰাইদঙীয়া: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (MSSV)-ৰ ৰাইদঙীয়া চৌহদৰ পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান আৰু গণিত বিভাগৰ যৌথ উদ্যোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২০২৬ উদযাপন কৰা হয়। বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান ভৱনত আয়োজিত এই অনুষ্ঠানত শৈক্ষিক উৎসাহ আৰু উদ্দীপনা পৰিলক্ষিত হয়।
কাৰ্যসূচীৰ আৰম্ভণিতে পৰিৱেশ সংৰক্ষণ আৰু বৈজ্ঞানিক প্ৰগতিৰ সংকল্পৰে এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক ড° ৰিঞ্জু ভৰালীয়ে। অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰাদেৱে।
তেখেতে নিজৰ ভাষণত এখন উন্নত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত বৈজ্ঞানিক মানসিকতা আৰু উদ্ভাৱনী শক্তিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। নগাঁও মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক তথা মুৰব্বী হলিৰাম হাজৰিকাদেৱে মূল বক্তা হিচাপে উপস্থিত থাকি নোবেল বিজয়ী বিজ্ঞানী ছাৰ চি.ভি. ৰমনৰ জীৱন আৰু কৃতিৰ ওপৰত এক সাৰুৱা ভাষণ প্ৰদান কৰে।
তেখেতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি সহজ সৰল ভাষাত 'ৰমন প্ৰভাৱ' (Raman Effect) ব্যাখ্যা কৰাৰ লগতে চলিত বৰ্ষৰ বিষয়বস্তু "বিজ্ঞানত মহিলা: বিকশিত ভাৰতৰ অনুঘটক" (Women in Science: Catalyzing Viksit Bharat)ৰ সৈতে সংগতি ৰাখি বিজ্ঞানৰ ক্ষেত্ৰত মহিলাসকলৰ অৱদানৰ কথা উল্লেখ কৰে।
লগতে তেওঁ ছাত্ৰীসকলক বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ অনুপ্ৰাণিত কৰে। দিৱসটোৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা আৰু পোষ্টাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ শেষত বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়। এই বিজ্ঞান দিৱসৰ কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us