দলীয় কাৰ্যসূচী নহয়! জুবিনৰ পৰিয়ালৰ খবৰ ল'বলৈহে গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী...

শুকুৰবাৰে অসমলৈ আহি দলীয় কোনো কাৰ্য-কলাপত অংশ নলয় কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে। এই কথা সংবাদমাধ্যমক অৱগত কৰে অসম প্ৰদেশ

author-image
Asomiya Pratidin
New Update
yhhhdd

ডিজিটেল ডেস্কঃ  শুকুৰবাৰে অসমলৈ আহি দলীয় কোনো কাৰ্য-কলাপত অংশ নলয় কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে। এই কথা সংবাদমাধ্যমক অৱগত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয় যে, ৰাহুল গান্ধীৰ ভ্ৰমণ ব্যক্তিগত৷ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই উভটি যাব ৰাহুল গান্ধী।

ইফালে বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও ৰাহুল গান্ধীৰ অসম ভ্ৰমণক লৈ মন্তব্য কৰে। তেওঁ কয় যে, কংগ্ৰেছ নেতাগৰাকীয়ে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পত্মী গৰিমা গাৰ্গক সাক্ষাত কৰিব বিচাৰিছে। অসমৰ পৰিস্থিতি ইয়াৰ দ্বাৰা অৱনতি নহয় বুলি মই ভাৱো। বেলেগ সময়ত হ'লে বেলেগ কথা আছিল। কিন্তু জুবিন গাৰ্গৰ পৰিয়ালক লগ ধৰিবলৈ অহা বুলি আমি গম পাইছো। যদি মোকো সেইসময়ত মাতে, তেন্তে ময়ো ৰাহুল গান্ধী উপস্থিত থাকোতেই জুবিনৰ ঘৰলৈ যাম।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আমি আগতেই বিচাৰিছিলো কংগ্ৰেছৰ এগৰাকী ৰাষ্ট্ৰীয় নেতা জুবিনৰ শেষ যাত্ৰাত আমাৰ লগত থাকক। কিন্তু সেয়া হৈ নুঠিল। কংগ্ৰেছে সেই সময়ত গুৰুত্ব নিদিলে। কিন্তু শেহতীয়াকৈ জুবিন গাৰ্গৰ বাবে ৰাহুল গান্ধী অসমলৈ আহিব বুলি জানি তেওঁক আমি আদৰণি জনাইছো। 

ৰাহুল গান্ধী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা