/asomiyapratidin/media/media_files/2025/10/14/ujjjjddd-2025-10-14-10-14-20.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ তদন্তৰ সন্দৰ্ভত আলোচনাৰ বাবে মঙলবাৰে ৰাজ্যৰ ১৫গৰাকী ব্যক্তিক আমন্ত্ৰণ কৰিছিল এছ আই টিয়ে। কিন্তু এজনৰ পাছত সিজনে প্ৰত্যাখান কৰিছে এই আমন্ত্ৰণ। প্ৰথমে ৰাজদ্বীপ বাইলুং, ফণীন্দ্ৰ দেৱচৌধুৰীৰ পিছতে আছুৰ নেতৃত্বইও এই আলোচনাত অংশ গ্ৰহণৰ পৰা বিৰত থকাৰ কথা ঘোষণা কৰিছিল।
ইয়াৰ পিছতে মঙলবাৰে পুৱাৰ ভাগত সামাজিক মাধ্যমত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়েও এই আলোচনাত অংশ নোলোৱাৰ কথা সদৰি কৰিছে। বয়সৰ পাৰ্থক্য থাকিলেও জুবিনৰ অতিকৈ অন্তৰংগ হিচাপে থকা ৰাহুল গৌতম শৰ্মাইও এছ আই টিৰ এই আলোচনালৈ নোযোৱাৰ ইংগিত প্ৰদান কৰিছে।
ৰাহুলে সামাজিক মাধ্যমত লিখিছে- 'জুবিন গাৰ্গক ন্যায় দিয়ক। তদন্তকাৰী সংস্থাই আদালতত নিখুঁত প্ৰতিবেদন দাখিল কৰক। তাৰ বাহিৰে বেলেগ কথা আমি নেপাতো দিয়ক। চৰকাৰী চাহ-চিংৰা পাছলে’ থাকক। #JusticeForZubeenGarg'
উল্লেখ কৰা প্ৰয়োজন যে, জুবিনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেত চিত্ৰনাট্যৰ কাম কৰিছে ৰাহুলে। জুবিনৰ মুখাগ্নিও কৰিছে ৰাহুল গৌতমে। বিগত দিনকেইটাত জুবিনৰ ন্যায়ৰ বাবে ধাৰাবাহিকভাৱে সামাজিক মাধ্যমত ইটোৰ পাছত সিটো পোষ্ট কৰি আছে ৰাহুল গৌতমে।